Pakistan : পাকিস্তানত পুনৰ বিস্ফোৰণ , স্বীকাৰ কৰিলে তেহৰিক-ই-তালিবানে

1675585388 blast

Pakistan :

পেছাৱাৰ বিস্ফোৰণৰ ভয়াবহতা এতিয়াও অতিক্ৰম কৰিব পৰা নাই পাকিস্তানে । ইয়াৰ মাজতে, দেশত পুনৰ এক বিস্ফোৰণ । এই বাৰ প্ৰভাৱিত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কোৱেটা । দেওবাৰে কোৱেটাত সেনা শিবিৰৰ প্ৰৱেশদ্বাৰত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ ।

বিস্ফোৰণৰ ছবি আৰু ভিডিঅ’ ফুটেজ দেখি প্ৰশাসনে আশংকা কৰিছে যে বহুলোক আহত হ’ব পাৰে। অৱশ্যে, দুপৰীয়া পৰ্য্যন্ত চৰকাৰৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই।

দেওবাৰে পুৱা যেতিয়া ঘটনাটো সংঘটিত হয় তেতিয়া ওচৰৰ এখন ষ্টেডিয়ামত পিএছএলৰ প্ৰদৰ্শনী মেচ চলি আছিল। বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চলতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় । মাজভাগত বন্ধ কৰা হয় খেল ।

প্ৰাপ্ত তথ্য অনুসৰি স্থানীয় আৰক্ষী প্ৰশাসনে বিস্ফোৰণ সন্দৰ্ভত দুপৰীয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবানে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰে ।

তেওঁলোকে জনাইছে, নিৰাপত্তাৰক্ষীসকলে আছিল এই বিস্ফোৰণৰ লক্ষ্য । প্ৰাপ্ত তথ্য অনুসৰি ঘটনাটোত কমেও পাঁচজন লোক আহত হৈছে।

বিস্ফোৰণ সংঘটিত হোৱা কোৱেটাৰ অঞ্চলটো অত্যন্ত সুৰক্ষিত। কাৰণ বিস্ফোৰণস্থলীটো প্ৰকৃততে এটা সেনা শিবিৰৰ প্ৰৱেশদ্বাৰ। ওচৰতে আছে এটা আৰক্ষী মুখ্য কাৰ্যালয়ো ।

কঠোৰ নিৰাপত্তাৰ অধীনত থকা এই অঞ্চলটোত দুৰ্বৃত্তই কেনেকৈ বিস্ফোৰণ সংঘটিত কৰিছিল তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

প্ৰসংগত কিছুদিন পূৰ্বে উত্তৰ-পশ্চিম পাকিস্তানৰ পেছাৱাৰত হোৱা বিস্ফোৰণত কমেও ৯৫ জন লোক নিহত হৈছে। বিস্ফোৰণত নিহত সকলৰ বেছিভাগেই আৰক্ষী আছিল।

Exit mobile version