Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

শীৰ্ঘেই জি এছ ৰোডত মুকলি হ'ব নতুন বিধানসভাৰ ভৱন

916098c9 c76b 4c78 b1ba 9cf75815e4b6

Assam Legislative Assembly New Bhawan :

শ্বিলং পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰৰ প্ৰায় পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰাৰ সময়তে অসম বিধানসভাই পাব নতুন ঠিকনা ৷

বিধায়ক আৱাসৰ চৌহদতে থকা বিধানসভা ভৱনতে বিগত পঞ্চাশটা বছৰ বিধানসভাৰ অধিৱেশন চলি আহিছিল যদিও ২০০৮ বৰ্ষত নতুন বিধানসভা ভৱনৰ নিৰ্মাণৰ কাৰ্য ৷

সুপৰিকল্পিত আৰু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা বিধানসভা ভৱনৰ ইন্টেৰিঅ’ ডেকৰেশ্বনৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে ৷উল্লেখ্য যে, প্ৰায় ২৩৪.৮৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা দুমহলীয়া ভৱনটোৰ প্ৰথম মহলাত আছে একেসময়তে ১৭২ জন বিধায়ক বহিব পৰাকৈ আটকধুনীয়া আসনৰ সুবিধা ৷

আনহাতে অদুৰ ভৱিষ্যতে ৰাজ্যত উচ্চ সদন হ’লে তাৰ বাবে ৪৪ জন বিধান পৰিষদৰ সদস্যই বহিব পৰাকৈ সুকীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে বিধানসভা ভৱনটোত ৷ স্মতৰ্ৱ্য যে, নতুন বিধানসভা ভৱন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷

প্ৰৱেশদ্বাৰৰ গেইট দুখন পূৰ্ণ গতিত নিৰ্মাণ কাৰ্য চলাইছে ৷ গেইট দুখন সম্পূৰ্ণ হৈ উঠিলেই সম্ভৱত আগন্তুক বাজেট অধিৱেশন নতুন বিধানসভা ভৱনতে অনুষ্ঠিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে বিধানসভা সচিবালয়ে ৷ মনকৰিবলগীয়া যে, নতুন বিধানসভা ভৱনৰ কাষতে পূৰ্ণ গতিত নিৰ্মাণ কাৰ্য অব্যাহত আছে এটা সু-উচ্চ ১৬ মহলীয়া অট্টালিকা ৷

Exit mobile version