Hindenburg Report : আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ ‘!

তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

1675928513 hindenburg

Hindenburg Report :

আদানি গ্ৰুপৰ বিৰুদ্ধে শ্বেয়াৰ জালিয়াতি আৰু বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে

কিন্তু অভিযোগবোৰত কোনো ভিত্তি নাই আৰু ইয়াৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি অভিযোগ উত্থাপন কৰিছে অধিবক্তাসকলৰ এটা অংশই ।

অধিবক্তা এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত বিচাৰি শীৰ্ষ ন্যায়ালয়ত আবেদন কৰে ।

এই সন্দৰ্ভত দুটা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰা হৈছিল। দুয়োটা গোচৰ শুনানিৰ হ’ব শুক্ৰবাৰে। জনজনস্বাৰ্থৰ এখন মোকৰ্দমাত হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্থ কৰাৰ বাবে এনে প্ৰতিবেদন প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ফলস্বৰূপে, দেশৰ অৰ্থনীতিও ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছে । গোচৰটোত আদালতত দাখিল কৰা শপতনামা অনুসৰি, হিণ্ডেনবাৰ্গৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে নিয়ন্ত্ৰক ছেবিৰ ওচৰত গৌতম আদানি আৰু তেওঁৰ কোম্পানীয়ে কেনেদৰে শ্বেয়াৰ বজাৰত হেৰফেৰ কৰিছিল তাৰ প্ৰমাণ উপস্থাপন কৰাত ব্যৰ্থ হয়।

হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিতো যথেষ্ট অস্থিৰতাৰ সৃষ্টি হৈছে । বিৰোধী ৰাজনৈতিক দলসমূহে আদানি গোটৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে।

সংসদৰ বাজেট অধিৱেশন পৰ্যায়ক্ৰমে স্থগিত ৰখা হৈছে। বিৰোধীয়ে আদানি গোচৰৰ যুটীয়া সংসদীয় সমিতি বা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা তদন্তৰ দাবী জনাইছে।

মঙলবাৰে সংসদত প্ৰায় এক ঘণ্টাজোৰা ভাষণত প্ৰধানমন্ত্ৰী মোদীৰ স’তে আদানিৰ এখন ফটো দেখুৱাই ৰাহুল গান্ধীয়ে চৰকাৰক দুয়োজনৰ মাজৰ সম্পৰ্ক কি সেয়া জানিবলৈ কয়।

মোদীৰ কাৰ্যকালত আদানিৰ ক্ষমতা কেনেদৰে বৃদ্ধি পালে সেয়াও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে ।

Exit mobile version