Koraput : হৃদয় বিদাৰক ! পথতে মৃত্যু পত্নী , নমাই দিলে অট ‘ চালকে

শৰীৰ কান্ধত লৈ ৮০ কিলোমিটাৰ খোজ কাঢ়িলে স্বামীয়ে

1675936645 odisha

Koraput :

চিকিৎসাৰ কোনো সঁহাৰি নিদিয়াৰ বাবে ৰোগীক ঘৰলৈ নিবলৈ ক’লে চিকিৎসালয়ে । ৩৫ বছৰীয়া চামুলু পাংগীয়ে তেওঁৰ অসুস্থ পত্নীক চিকিৎসালয়ৰ পৰা এখন অট’ত ঘৰলৈ লৈ গৈ আছিল।

কিন্তু কিছু দূৰ যোৱাৰ পাছতে তেওঁৰ পত্নীয়ে মৃত্যুবৰণ কৰে । মহিলাগৰাকীৰ মৃত্যুৰ পাছত, অট’ চালকজনে জনাই যে তেওঁ আৰু যাব নোৱাৰে ।

ইয়াৰ পাছতে পত্নীৰ মৃতদেহ কান্ধত কৈ ৮০ কিলোমটাৰ যাত্ৰা কৰিলে চামুলুয়ে।

চামুলু উৰিষ্যাৰ কোৰাপুটৰ বাসিন্দা। তেওঁৰ পত্নী গুৰু কিছু সময়ৰ পৰা অসুস্থ হৈ আছিল। চামুলুয়ে চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰে ।

গুৰুক তাতে কিছুদিন চিকিৎসা কৰা হয় । কিন্তু দুদিন আগতে, চিকিৎসালয় কৰ্তৃপক্ষই চামুলুক জনাইছিল যে তেওঁৰ পত্নীয়ে চিকিৎসাৰ প্ৰতি সঁহাৰি দিয়া নাই।

তেওঁলোকে গুৰুক ঘৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। চামুলুৰ ঘৰ চিকিৎসালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত। গতিকে চামুলুৱে এখন অট’ ভাড়া কৰি লয়।

কেইকিলোমিটাৰ মান যোৱাৰ পাছত চামুলুৰ পত্নীৰ অট’তে মৃত্যু হয়। অভিযোগ অনুসৰি, ইয়াৰ পাছতে, অট’ চালকজনে তেওঁলোকক ৰাস্তাৰ মাজত এৰি গুচি যায়।

খালী ৰাস্তাত কোনো বাহন নেদেখি চামুলুৱে অৱশেষত পত্নীৰ মৃতদেহ কান্ধত লৈ ঘৰলৈ বুলি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।

এনেদৰে, তেওঁ প্ৰায় ৮০ কিলোমিটাৰ খোজ কাঢ়ে । গাওঁখন পাবলৈ মাত্ৰ ২০ কিলোমিটাৰ বাকী আছিল। আৰক্ষীয়ে তথ্য পাই যে এজন লোকে কান্ধত শৰীৰ লৈ ৰাস্তাৰ কাষেৰে খোজ কাঢ়ি আছে । ইয়াৰ পাছত, চামুলুৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

Exit mobile version