Gmch :
ADVERTISEMENT
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত যোৱা ২১ নৱেম্বৰত মৃত্যুবৰণ কৰা বিচাৰাধীন কাৰাবন্দী, ইম্ফলৰ টেংচানঘাট গাঁৱৰ মহেন্দ্র সিঙৰ পুত্ৰ গৌতম সিঙৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা হৈছে।
কামৰূপ মহানগৰ জিলাৰ মহকুমাধিপতি (সদৰ) জয় শিৱানীয়ে সহকাৰী আয়ুক্ত ভাস্কৰ কলিতাক উক্ত বিষয়ত তদন্ত কৰি ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।






























