Decreased Rainfall In The State:ৰাজ্যত দ্ৰুতগতিত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

ভয়াৱহ ইংগিত,৬৬ শতাংশলৈ হ্ৰাস বৰষুণৰ পৰিমাণ

WhatsApp Image 2023 02 10 at 13.39.22

Decreased Rainfall In The State:

ৰাজ্যত দিনক দিনে কমি আহিছে বৰষুণৰ পৰিমাণ ৷ বতৰৰ অস্বাভাৱিক পৰিবৰ্তনে গক অশুনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যবাসীৰ বাবে ৷
সাম্প্ৰতিক বতৰৰ পৰিবৰ্তিত পৰিৱেশ-পৰিস্থিতিত প্ৰভাৱ পেলোৱাৰ ফলস্বৰূপে ৰাজ্যত উদ্বেগজনকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত তুলনামূলক ভাৱে জানুৱাৰী- ফেব্ৰুৱাৰী মাহত যি হাৰত বৰষুণ হ’ব লাগিছিল তাৰ বিপৰীতে দুয়োটা মাহত বৃষ্টিপাত হ্ৰাস পাইছে ৭৬ শতাংশলৈ ৷

একেদৰে চুবুৰীয়া সাত ৰাজ্যটো বৰষুণ পৰিমাণ এশ শতাংশলৈ হ্ৰাস পাইছে ৷ পাহাৰীয়া ৰাজ্য মণিপুৰত ৯৯ শতাংশ,অৰুণাচলত ৫৩শতাংশ ,মিজোৰামত১০০,মেঘালয়ত ৯৯ শতাংশ,নাগালেণ্ডত ৯৯ শতাংশ,ত্ৰিপুৰাত ১০০ শতাংশ বৃষ্টিপাত হ্ৰাস পাইছে ৷ ইয়ে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৷

উল্লেখ্য যে, চলিতবৰ্ষৰ এক জানুৱাৰী পৰা আঠ ফেব্ৰুৱাৰীলৈকে অসমত বৰষুণ হ্ৰাস পাইছে পাঁচ মিলিলিটাৰ ৷ বৃষ্টিপাত কমি অহাৰ বাবে গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ সৰ্বত্ৰে বৃদ্ধি পাইছে ভয়াৱহ প্ৰদুষণ

ধূলিৰে ধুষৰিত হৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল ৷ শীৰ্ঘেই বৰষুণ নাহিলে আগন্তুক দিনত খেতি- বাতিত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানী মহলে ৷

Exit mobile version