Bizarre : মূৰত ফুলৰ থোপা , বিয়াৰ শাৰী পৰিধান কৰি পৰীক্ষা দিব আহিল কইনা !

1676183390 bride 1

Bizarre :

ঘৰৰ কাৰোবাৰ বিয়াই হওঁক বা পৰিচিত কাৰোবাৰ বিয়াই হওঁক, বিয়াৰ সময়ত যদি পৰীক্ষা হয় সকলোৰে মনত অনোশোচনাৰ অন্ত নাই !

কল্পনা কৰক যদি নিজৰ বিয়াৰ দিনাই পৰীক্ষা হয় তেন্তে কি হ’ব? শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত বিবাহৰ পোছাক পৰিধান কৰা এগৰাকী কইনা পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা দেখা গ’ল!

ভিডিঅ’টোত, দক্ষিণী পোছাক পৰিধান কৰা কইনাগৰাকীক পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা দেখা গৈছে। লগত আছে লেব কোট আৰু ডিঙিত ওলমি আছে এডাল ষ্টেথোস্কোপ ।

যুৱতীগৰাকীৰ নাম শ্ৰী লক্ষ্মী অনিল। তেওঁ কেৰালাৰ বেথানি নৱজীৱন কলেজ অফ ফিজিঅ’থেৰাপীৰ ছাত্ৰী। ভিডিঅ’টোত, যুৱতীগৰাকীক কইনাই পৰিধান কৰা হালধীয়া শাৰী, বিবাহৰ গহনা, মূৰত ফুলৰ থোপাৰ স’তে দেখা গৈছে।

যুৱতীগৰাকীয়ে এটা হাঁহি মাৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ লগে লগে সহপাঠীসকলৰ চকু কপালত উঠিল ! বান্ধৱীক কইনাৰ পোছাক দেখি উৎসাহিত হ’ল সহপাঠীসকল।

আন এটা ভিডিঅ’ত, লক্ষ্মীক বিবাহৰ পোছাক পিন্ধি গাড়ীত গৈ থকাৰ সময়ত পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা দেখা যায়। আনকি পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাছতো তেওঁৰ চকু কিতাপৰ ওপৰতে আছে। প্ৰস্তুতিত কোনো ত্ৰুটি ৰাখিবলৈ অনিচ্ছুক কইনা ।

কিন্তু বিয়াৰ ফটোগ্ৰাফাৰসকলে কইনাক পৰীক্ষা কেন্দ্ৰতো এৰি দিয়া নাছিল। কইনাৰ প্ৰতিটো পদক্ষেপৰ ওপৰত তেওঁলোকৰ চকু । শ্ৰী লক্ষ্মীৰ বিশেষ দিনটোত তেওঁ প্ৰকৃততে কি কৰিছিল, সকলোবোৰ কেমেৰাত বন্দী হৈছিল!

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত চৰ্চা আৰম্ভ ! কোনোবাই কৈছে, “ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ নতুন কৌশল!”

এজন নেটিজেনে লিখিছে, “মোৰ ক্ষেত্ৰতো একেই পৰিস্থিতি ঘটিছে। পৰীক্ষা দি আহি মই বিয়াত বহিছিলো। যদিও মই এনে পোশাক পৰিধান কৰা নাই। ”

Exit mobile version