Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

WhatsApp Image 2023 01 27 at 12.27.33 PM 2

Pathaan :

শ্বাহৰুখ খানৰ সদ্য মুক্তিপ্রাপ্ত ‘পঠান’ ছবিখনৰ দপ্‌দপনি চিত্ৰগৃহত বর্তমানেও অব্যাহত আছে । মুক্তিৰ তিনি সপ্তাহৰ পাছতো বক্স অফিচত ভাল ব্যৱসায় কৰিছে শ্বাহৰুখৰ ছবিখনে। অতীতৰ সকলো অভিলেখ ভংগ কৰি ‘পঠান’ বলিউডৰ সর্বাধিক সফল বাণিজ্যিক ছবি হিচাপে পৰিচিত হৈছে।

১৭সংখ্যক দিনত বিশ্বজুৰি বক্স অফিচত ‘পঠান’-এ সংগ্ৰহ কৰিলে মুঠ ৯০০ কোটি টকা। অৱশ্যে ‘বাহুবলী-২’ৰ বাণিজ্যিক সফলতাক অতিক্ৰম কৰিবলৈ হ’লে ‘পঠান’-এ আৰু ১০০ কোটি টকা বক্স অফিচত সংগ্ৰহ কৰিব লাগিব।

উল্লেখ্য যে ‘বাহুবলী-২’ৰ হিন্দী সংস্কৰণে ৫১০.৯৯ কোটি টকাৰ ব্যৱসায় কৰিছিল যদিও বিশ্বজুৰি ছবিখনৰ মুঠ উপাৰ্জন এহেজাৰ কোটি টকাৰ অধিক আছিল।

‘পঠান’-এ যোৱা শুকুৰবাৰলৈকে ভাৰতত ৫৫৮.৪০ কোটি টকা আৰু বিদেশত ৩৪২ কোটি টকাৰ ব্যৱসায়ৰে মুঠ ৯০১ কোটি টকা উপাৰ্জন কৰিলে। শনিবাৰে ছবিখনে পুনৰ ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

Exit mobile version