Sri Manta Sankardev Sangha New General Secretary:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত গুৱাহাটীৰ কুশল ঠাকুৰীয়া

বাবুল বৰাৰ প্ৰস্থান

WhatsApp Image 2023 02 13 at 14.35.54

Sri Manta Sankardev Sangha New General Secretary:

উত্তৰ- পূৰ্ব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় কুশল ঠাকুৰীয়া ৷

ধেমাজী জিলাৰ চিমেন চাপৰিত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ দেওবাৰৰ অন্তিম দিনা অধিবেশনস্থলীৰ প্ৰতিনিধি গৃহত আয়োজিত কাৰ্যনিৰ্বাহক সভাত সংঘৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় গুৱাহাটী মহানগৰ সমিতিৰ কুশল ঠাকুৰীয়া

সম্পূৰ্ণ গণতান্ত্ৰিক পন্থাৰে অনুষ্ঠিত হোৱা ভোটদানৰ অন্তত মুঠ ৪৮ টা ভোট লাভ কৰি ঠাকুৰীয়া প্ৰধান সম্পাদক পদত নিৰ্বাচিত হয়।
আনহাতে ঠাকুৰীয়াৰ বিপৰীতে এই পদত অৱতীৰ্ণ হোৱা মুকুল গগৈয়ে ১৮ টা, নলীন বৰাই ১২ টা ভোট লাভ কৰে।

একেদৰে পৰৱৰ্তী কাৰ্যকালৰ বাবে যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় গহপুৰৰ দিলীপ বৰা আৰু গোলাঘাটৰ দেৱৰঞ্জন বৰা ।

সংঘৰ আন আন ভগ্নী অনুষ্ঠান সেৱা বাহিনীৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় চৰাইদেউৰ সঞ্জীৱ বৰা, সংস্কৃতি শাখাৰ সভাপতি আৰু সম্পাদক হিচাপে ক্ৰমে পবিত্ৰ প্ৰাণ বৰা,সঞ্জীৱ বৰুৱা ৷ সাহিত্য শাখাৰ সভাপতি,সম্পাদক ৰূপে হিচাপে নিৰ্বাচিত হয় ক্ৰমে মানস প্ৰতীম বৰা আৰু জগত চন্দ্ৰ কলিতা ৷

উল্লেখ্য যে,দেওবাৰৰ আবেলি পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক বৈঠকে সংঘৰ বিষয়ববীয়া সকলক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে ৷

Exit mobile version