Bhabanipur : পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখল হোৱা ভূমিত চলিল উদ্ধাৰ অভিযান

অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ বিধায়ক ফনীধৰ তালুকদাৰৰ

WhatsApp Image 2023 02 15 at 18.28.24

Bhabanipur :

 ঐতিহ্যমণ্ডিত পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ গ্ৰাসত থকা সত্ৰৰ ভূমি উদ্ধাৰ অভিযানত নামিল আজি চৰকাৰী প্ৰশাসন, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে বহুসংখ্যক স্থানীয় বিজেপিৰ নেতা-কৰ্মী তথা ৰাইজ।

উল্লেখ্য যে পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ ভূমিত আজি পুৱাৰ ভাগতেই উপস্থিত হয় বজালী মহকুমা প্ৰশাসনৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়া,ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল।

পূৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ পশ্চিম দিশে বেদখলকাৰীৰ কৱলত থকা,বেদখলকাৰীয়ে কৃষিকাৰ্য কৰা ভূমিৰ এক বিশাল এলেকাত প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৰঙা পতাকা পুতি সংৰক্ষণ কৰে।

লগতে সত্ৰৰ ভূমিত বেদখলকাৰীয়ে কৰা কৃষি কাৰ্যবোৰ জেচিবিৰে উচ্ছেদ কৰে। উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে সত্ৰৰ বেদখল হোৱা ভূমিত উপস্থিত হৈ সেই স্থানত চৰকাৰী আঁচনিৰ ৪ টা অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক ফনীধৰ তালুকদাৰে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ আগত কয় যে- ‘অসমত এতিয়া বিজেপিৰ নেতৃত্বত চৰকাৰ চলিছে।

বিজেপিৰ নেতৃত্বত চৰকাৰ থকালৈকে আমাৰ মাটি কোনেও দখল কৰিব নোৱাৰে। গোপালদেৱ আতাৰ সত্ৰৰ বেদখলত থকা বিশাল এলেকাৰ ভূমিত পৰবৰ্তী সময়ত বিভিন্ন চৰকাৰী আঁচনি প্ৰৱৰ্তন হ’ব।

ইয়াত এতিয়াৰে পৰা বেদখল আৰু নচলিব’। বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে উপস্থিত বহুসংখ্যক বিজেপি নেতা-কৰ্মী-ৰাইজে সত্ৰৰ ভূমিত অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি ‘জয় শ্ৰীৰাম.’,’ভাৰতমাতা কী জয়..’ আদি ধ্বনিৰে উত্তাল কৰি তোলে।

তদুপৰি সত্ৰৰ ভূমিত জেচিবিৰে চাৰিটাকৈ বৃহৎ বৃহৎ অমৃত সৰোবৰ খান্দা কাৰ্যৰো আৰম্ভ কৰা হয় ।

গোটেই দিনটোতেই আজি শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ কৱলত থকা ভূমিৰ উদ্ধাৰ অভিযান চলায় সমান্তৰালকৈ জেচিবিৰে অমৃত সৰোৱৰ খান্দা কাৰ্য অব্যাহত থাকে।

লক্ষণীয়ভাৱে আজি শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ গ্ৰাসত থকা ভূমিত সৰুপেটাৰ বাসিন্দা তথা বিশিষ্ট সাহিত্যিক অসমীয়া লোক সংস্কৃতিৰ গৱেষক ড° অমিয়া মহন্তৰ নেতৃত্বত শ্ৰীশ্ৰী গোপালদেৱ আতা আৰু তেওঁৰ জীয়ৰী প্ৰথম অসমীয়া মহিলা কবি আই পদ্মপ্ৰিয়াৰ ভক্তই ‘আই পদ্মপ্ৰিয়া সত্ৰ’ নামাকৰণেৰে বেনাৰ স্থাপন কৰে।

ড° অমিয়া মহন্তই আজি সত্ৰৰ ভূমি বেদখল উচ্ছেদস্থলীত উপস্থিত হৈ ‘আই পদ্মপ্ৰিয়া সত্ৰ’ নামাকৰণেৰে বেনাৰ স্থাপন কৰি সাংবাদিকৰ আগত কয় যে- পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ কাষেৰে এটা সময়ত বৈ যোৱা বাঢ়ৈমাৰা জানৰ পাৰতেই শ্ৰীশ্ৰী গোপালদেৱ আতাৰ জীয়ৰী প্ৰথম অসমীয়া মহিলা কবি আই পদ্মপ্ৰিয়াই ষোড়শ শতিকাতেই মহিলা সত্ৰ স্থাপন কৰিছিল।

সেই স্থানতেই শেষ নিশ্বাস ত্যাগ কৰিছিল আই পদ্মপ্ৰিয়াই। প্ৰাকৃতিক দুৰ্যোগৰ ফলত হেৰাই যায় সত্ৰখন। গতিকে আই পদ্মপ্ৰিয়াৰ স্থাপিত সত্ৰখন পুণৰ স্থাপনৰ বাবে প্ৰয়াস কৰা হৈছে।

Exit mobile version