Ranjit Bora Murder Case Prime Accused Shah Alam’s Escape:পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড শ্বাহ আলম তালুকদাৰৰ পলায়ন

হেণ্ডকাফ সহ সাতগাঁও আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন

WhatsApp Image 2023 02 17 at 15.46.33 1

Ranjit Bora Murder Case Prime Accused Shah Alam’s Escape:

মহানগৰীৰ সাতগাওঁ আৰক্ষীৰ চৰম গাফিলতিৰ বাবেই বৃহস্পতিবাৰে পুৱতি নিশা সাতগাওঁৰ বতাহঘুলীত আৰক্ষী জিন্মাৰ পৰা হেণ্ডকাফ সহ পলায়ন কৰে ৰঞ্জিত বৰা হত্যাৰ মাষ্টাৰ মাইণ্ড শ্বাহ আলম তালুকদাৰে ৷

উল্লেখ্য যে পূৰবী ডেইৰিৰ বিতৰক ৰঞ্জিত বৰাক বিগত বৰ্ষৰ এঘাৰ অক্টোবৰত দিন দুপৰতে মহানগৰীৰ পাঞ্জাবাৰীৰ ৰাজপথত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ৷

এই চাঞ্চল্যকৰ হত্যাই সমগ্ৰ ৰাজ্য জোকাৰি যায় ৷ মহানগৰ আৰক্ষীয়ে মৰিগাঁও সহ বিভিন্ন স্থানত হত্যাকাণ্ডৰ স’তে জড়িত থকা কে’বাজনকো আটক কৰাৰ পাছত যোৱা মাহত ছিপাঝাৰৰ পৰা হত্যাৰ মাষ্টাৰ মাইণ্ড শ্বাহ আলমক আটক কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষী ৷

দিছপুৰ আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইতটোক পৰৱৰ্তী সময়ত কামৰূপ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰি পুনৰ জেৰাৰ বাবে  সাতদিনৰ বাবে জিন্মাত লয় ৷

থানাৰ লকআপত থকা অৱস্থাত আত্মহত্যাৰ নাটক ৰচিছিল দুৰ্ধৰ্ষ ডকাইতটোয়ে ৷

আনহাতে বহু গোচৰ পঞ্জীভূক্ত থকাৰ বাবে সাতগাঁও আৰক্ষীয়ে পাচঁ দিনৰ বাবে  আলমক  জিন্মাত লৈ বৃহস্পতিবাৰে পুৱতি নিশা সাতগাওঁৰ  বতাহঘুলীত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহূত ৰিভলভাৰৰ সন্ধানত  অভিযান চলাবলৈ গৈ থকাৰ মাজতে দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলমে আৰক্ষীক গতিয়াই হেণ্ডকাফ সহ বতাহঘুলী অৰণ্যলৈ পলায়ন কৰে ৷

সন্দেহ কৰা মতে বতাহঘুলীৰ সমীপৱৰ্তী আমচাং সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত আত্মগোপন কৰি আছে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ডটোৱে ৷ অভিযানকাৰি আৰক্ষী দলটোত আছিল আঠজনকৈ জোৱান

মনকৰিবলগীয়া যে সাতগাঁও আৰক্ষী জিন্মাৰ পৰা হেণ্ডকাফ সহ পলায়ন কৰা সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে ৷

নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে অতি সংগোপনে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ খলনায়কটোৰ সন্ধানত বতাহঘুলী আৰু আমচাংত আৰক্ষীয়ে চলাইছে অভিযান

সাধাৰণতে অপৰাধী পলায়ন কৰিলে আৰক্ষীয়ে সচৰাচৰ শূন্যলৈ গুলী চলায় বা অপৰাধীৰ ভৰিলৈ গুলীচালনা কৰে ৷ কিন্ত বৃহস্পতিবাৰে পুৱতি নিশা  আৰক্ষীয়ে অভিযানৰ সময়ত দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম পলায়ন কৰাৰ পাছতো কিন্ত সাতগাঁও আৰক্ষী দলটোৱে কোনো এটা পন্থা গ্ৰহণ নকৰাটো শেহতীয়াকৈ অতি ৰহস্যজনক হিচাপে বিবেচিত হৈছে ৷

সাতগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ইতিমধ্যে মহানগৰ আৰক্ষী আয়ুক্তই কাৰণ দৰ্শোৱাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ পুনৰ এবাৰ উন্মোচিত হ’ল স্মাৰ্ট আৰক্ষীৰ নগ্ন ৰূপটো ৷ সাতগাঁও আৰক্ষীৰ গাফিলতিক সচেতন মহলে তীব্ৰ গৰিহণা দিয়ে ৷

Exit mobile version