Acid Attack In Gosaigaon:গোসাঁইগাঁৱৰ এচিড কাণ্ড, দুজনক আটক আৰক্ষীৰ

WhatsApp Image 2023 02 19 at 14.40.00

Acid Attack In Gosaigaon :

 যোৱা ১৬ ফেব্ৰুৱাৰীত সন্ধিয়া গোসাইগাঁও মহকুমাৰ ন্যায়িক আদালতৰ অধিবক্তা আব্দুছ ছামাদক নিজ গৃহতে দুবৃৰ্ওই এচিড নিক্ষেপ কৰি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত কৰিছিল ৷

এচিড কাণ্ডৰ লগত কোন জড়িত তাৰে সম্ভেদ উলিওৱাৰ বাবে গোসাইগাঁও থানাৰ আৰক্ষীয়ে বিশেষ তৎপৰতাৰে ৪৮ ঘণ্টাৰ ভিতৰত এচিড কাণ্ডৰ জড়িত থকাৰ সন্দেহত দুজনক আটক কৰে ৷

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কালি অধিবক্তা জনৰ বিবাহ বিচ্ছন্ন পত্নী ৰাশিদা বেগমক আটক কৰাৰ পাছত যোবা নিশা উক্ত নাৰকীয় কাণ্ডৰ লগত জড়িত একেখন মহকুমাৰ ১নং হাউৰীয়াপেটৰ প্ৰায়ত কাশেম আলীৰ পুত্ৰ বাঘা ওৰফে ওচমান আলীক আটক কৰে ৷

ইপিনে ৰাশিদা আৰু ওচমানক আৰক্ষীয়ে লাভ কৰা তথ্য মতে ৰাশিদাই ১৮ হেজাৰ টকাৰ বিনিময়ত ওচমানক এচিড আক্ৰমণ কৰাৰ বাবে চুপাৰী দিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

ধৃত ওচমান আলীয়েও টকা লৈ উক্ত আক্ৰমণ কৰে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।

Exit mobile version