Delhi DCM Manish Sisodia : দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছোদিয়ালৈ পুনৰ চিবিআইৰ তলব !

WhatsApp Image 2023 02 19 at 13.33.31

Delhi DCM Manish Sisodia :

দিল্লীৰ উপ- মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়াক পুনৰ তলব চি বি আইৰ ৷ উল্লেখ্য যে,সুৰা আৱন্টন নীতিৰ সম্পৰ্কত বৃহৎ ধনৰ লেনদেন হোৱাৰ অভিযোগ উদ্থাপন হৈছিল উপ- মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৷

এনে অভিযোগ উদ্থাপন হৈ থকাৰ মাজতে যোৱাবৰ্ষত চিবি আইয়ে আপৰ জ্যেষ্ঠ নেতা গৰাকীৰ বাসগৃহ,তেওঁৰ দিল্লী সচিবালয়স্থ কাৰ্যালয়ত অভিযান চলাইছিল যদিও কোনো তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল ৷ অৱশ্যে চিবিআইয়ে অব্যাহত ৰাখে তদন্ত ৷

অনুসন্ধান সন্থাটোৱে অব্যাহত ৰখা তদন্তৰ ভিত্তিত আজি পুনৰ দিনৰ ১১ বজাত মনীষ চিচোদিয়াক দিল্লীস্থ চিবি আইৰ কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰে ৷

আনহাতে চিবিআইৰ তলব পত্ৰ পোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে চিচোদিয়া ৷ তেওঁ কয় যে,পূৰ্বেও অনুসন্ধান সন্থাটোৱে অভিযান চলাই তেওঁৰ বিৰুদ্ধে কোনো তথ্য উলিয়াব নোৱাৰি এইবাৰ সৰ্বশক্তিৰে বিজেপি চৰকাৰৰ হাতত নচা চিবিআইয়ে পুনৰ এবাৰ অভিসন্ধি ৰছিচে ৷ কিন্ত এইবাৰো তেওঁলোক ব্যৰ্থ হ’ব বুলি উল্লেখ কৰে ৷

আনহাতে শেহতীয়া বাতৰি অনুসৰি দিল্লী উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে আজি দিল্লীস্থ চিবিআই কাৰ্যালয়ত উপস্থিত হোৱাৰ দিন আছিল যদিও তেওঁ হাজিৰ নহ’ল ৷ এই সন্দৰ্ভত চিচোদিয়াই কয়, মই ফেব্ৰুৱাৰীৰ শেষৰ ফালে চিবিআই কাৰ্যালয়লৈ যাম ৷ যেতিয়াই তেওঁলোকে (চিবিআই) মোক ফোন কৰিব।

দিল্লীৰ বিত্ত মন্ত্ৰী হোৱাৰ সূত্ৰে এই মুহূৰ্তত মোৰ বাবে বাজেট প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ সেয়েহে মই তাৰিখটো সলনি কৰিবলৈ চিবিআইক অনুৰোধ জনাইছো । মই সদায় এই সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম বুলি মন্তব্য কৰে ৷

Exit mobile version