Labour Dead In Arunachal Roing : অৰুণাচল ৰয়িঙৰ আনিনিত শ্ৰমিকৰ মৃত্যুক লৈ

লখিমপুৰ খেলমাটি আৰক্ষী থানাত উচিত তদন্ত ক্ষতিপুৰণৰ দাবী পৰিয়াল তথা স্থানীয় লোকৰ

WhatsApp Image 2023 02 20 at 19.26.55

Labour Dead In Arunachal Roing :

অৰুণাচল ৰয়িঙৰ আনিনিত এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি লখিমপুৰ খেলমাটি আৰক্ষী থানাত মৃতকৰ পৰিয়াল তথা স্থানীয় লোকে ন্যায় বিচাৰি ইয়াৰ উচিত তদন্তৰ লগতে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।

প্ৰাপ্ত তথ্য মতে কালি অৰুণাচল ৰয়িঙ আনিনিত দিনৰ ১০.৩০ বজাত পকা কাম কৰা শ্ৰমিক আবুল হুছেইনে (২৪) কেইবামহলা ওপৰৰ পৰা দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে।

প্ৰয়াত আবুল গফৰ পুত্ৰ তথা লখিমপুৰ হাতীলুং ৰাওণাপুৰ নিৱাসী আবুল হুছেইনে প্ৰায় চাৰি মাহ পূৰ্বে ঠিকাদাৰৰ অধীনত পকা মিস্ত্ৰীৰ যোগালীৰ কাম কৰি আছিল। হুছেইনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি  আবুলৰ মৃত্যু সন্দেহৰ আৱৰ্তত।

কাম কৰি থকা অৱস্থাত ভালদৰে পাৰিশ্ৰমিক পোৱা নাছিল আৰু থকা মেলা বহু কষ্ট পাইছিল। তদুপৰি কোনো অভিভাৱক নোহোৱাকৈ আবুলৰ মৃতদেহ পষ্টমৰ্টেন কৰি ঘৰলৈ পঠিয়াই দিয়া কাৰ্যত মানি ল’ব পৰা নাযায় বুলি পৰিয়ালৰ লোকে সদৰী কৰে।

জাকিৰ হুছেইন নামৰ  যি জন ঠিকাদাৰে আবুল হুছেইনক কামৰ বাবে লৈ গৈছিল তেওঁৰ অনুপস্থিতিত পৰিয়ালৰ লোকে মৃতদেহ চমজি ল’বলৈ পোনছাটেই অস্বীকাৰ কৰিছে।

অন্যথা মৃতকৰ মাতৃক অতি কমেও বিশ লাখ টকাৰ ক্ষতিপুৰণৰ দাবী জনায়।  উল্লেখযোগ্য যে এই সন্দৰ্ভত অৰুণাচল আনিনি আৰক্ষী থানাত ইউ বি কেচ নং-০৩/২০২৩ ইউ/এছ-১৭৪ চি আৰ পি চিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Exit mobile version