Russia -Ukraine War : দিনত নাপিত, নিশা ড্ৰ’ণ চিকাৰী

WhatsApp Image 2023 02 21 at 20.21.16

Russia -Ukraine War :

বিগত এবছৰে ইউক্ৰেইনৰ হৈ যুদ্ধ কৰিছে বহু ছদ্মবেশী সৈনিকে দিনৰ ভাগত এজন সাধাৰণ নাপিত, এখন স্থানীয় চেলুনত কাম কৰে। অথত নিশা হ’লেই তেওঁ পৰিণত হয় ছদ্মবেশী ‘ড্ৰ’ন চিকাৰী’ত।

৪১ বছৰীয়া অ’লেকজেণ্ডাৰ ছামছুৰৰ এতিয়া সেয়াই পৰিচয়। তেওঁ ওজন ছদ্মবেশী সৈনিক। অ’লেকজেণ্ডাৰৰ দৰে হেজাৰ হেজাৰ ইউক্রেনীয় নাগৰিকে বিগত প্রায় এবছৰ ধৰি এইদৰেই দেশৰ হকে গোপনে যুদ্ধ অব্যাহত ৰাখিছে।

তেওঁলোক হৈছে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ স্বেচ্ছাসেৱী যোদ্ধা। অহা ২৪ ফেব্ৰুৱাৰীত যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ব। যিমানেই দিন আগুৱাই আহিছে, সিমানেই ৰুছ আক্ৰমণৰ গতি বৃদ্ধি পাইছে।

প্রতিদিনেই অসংখ্য ৰুছ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন গুলি কৰি ধ্বংস কৰি আছে ইউক্রেইনৰ সেনা বাহিনীয়ে। সম্প্ৰতি অ’লেকজেণ্ডাৰ ইউক্ৰেইনৰ স্থলবাহিনীৰ সদস্য।

তেওঁৰ দৰে আৰু বহুতো সাধাৰণ মানুহে ইউক্রেইনৰ স্থলবাহিনীত যোগদান কৰিছে। এইসকলৰ কোনোবা যদি ব্যৱসায়ী, আন কোনোবা আকৌ আইনজীবী। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত মেচিনগান আৰু অন্যান্য অস্ত্র মেৰামতি কৰি তেওঁলোকক দিয়া হৈছে।

এই অস্ত্ৰৰ সাহায্যতে ইৰানত নির্মিত শ্বাহিদ-১৩৬ ড’ন গুলি কৰি নমাই আছে তেওঁলোকে।অ’লেকজেণ্ডাৰে কয়, ‘মই অত্যন্ত আনন্দিত। কিয়। কাৰণ মই দেশৰ হকে যুদ্ধ কৰিছো। দেশৰ মানুহক ৰক্ষা কৰিছো।’

ইয়াৰ সমান্তৰালকৈ অব্যাহত আছে ৰোজগাৰৰ জীৱন। সদায় অ’লেকজেণ্ডাৰ চেলুনত উপস্থিত হয়। মানুহৰ স’তে কাম কৰে, গ্ৰাহকৰ চুলি কাটে, সকলোৰে স’তে আড্ডা দিয়ে।

অ’লেকজেণ্ডাৰে জনায় যে তেওঁ কেতিয়াও পলায়ন কৰা নাছিল, ক’ৰবালৈ গৈ লুকাই থকা নাছিল। তেওঁৰ দেশত প্ৰৱেশ কৰি হেজাৰ হেজাৰ ৰুছ সেনাই যুদ্ধ কৰিছে। সেয়ে তেওঁ সংগ্রাম চলাই আছে ।

তেওঁ কয়, “শত্ৰু আহি যেতিয়া ঘৰৰ দুৱাৰত উপস্থিত, তেতিয়াতো কিবা কৰিবই লাগিব। মইতো ৰক্ষা কৰিবই লাগিলহেঁতেন।’সেনাবাহিনীয়ে প্ৰদান কৰা কেমোফ্লেক্সৰ যি পোছাকযোৰ অ’লেকজেণ্ডাৰে পিন্ধে, তাত বহুতো বেজ লগোৱা আছে।

তাৰ ভিতৰত এটাত লিখা আছে ‘ড্ৰ’ন হাণ্টাৰ’। কেৱল ড্ৰ’ন চিকাৰেই নহয়, দেশৰ বাবে তেওঁ এই যুদ্ধত বহু কামেই কৰিছে।সাধাৰণ মানুহৰ ঘৰে ঘৰে খাদ্য প্ৰেৰণৰ কাম কৰিছে। যুদ্ধৰ মাজত গৃহবন্দী হৈ পৰা লোকসকলক উদ্ধাৰৰ কামো কৰিছে।

নিজৰ চেলুনতো অ’লেকজেণ্ডাৰে সেনাৰ পোছাক পৰিধান কৰিয়ে কাম কৰে। অৱশ্যে যুদ্ধৰ প্ৰসংগত তেওঁ কাৰো স’তে কথা নাপাতে। তেওঁ কয়,‘জীৱনটো শান্তিৰ হওক, সেয়াই কাম্য। তাৰ মাজত ‘অন্ধকাৰ’ৰ কথা পাতিবলৈ ভাল নালাগে।’

Exit mobile version