Eastern Command Investiture Ceremony Held At Jorhat:যোৰহাটত অনুষ্ঠিত পূব কমাণ্ড বিনিয়োগ অনুষ্ঠান

WhatsApp Image 2023 02 22 at 17.39.53 1

Eastern Command Investiture Ceremony Held At Jorhat:

সাংস্কৃতিক নগৰী চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত বুধবাৰে ভাৰতীয় সেনাৰ ৪১ উপ – অঞ্চলৰ অধীনস্থ ১০১ নম্বৰ গ্ৰুপ কলকাতাৰ তত্বাৱধানত ইষ্টাৰ্ণ কমাণ্ডৰ বিনিয়োগ’২০২৩ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ সেনাধ্যক্ষ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

ইষ্টাৰ্ণ কমাণ্ডৰ বিনিয়োগ অনুষ্ঠানত ১২ জন বিষয়া, এজন কণিষ্ঠ কমিচনড অফিচাৰ আৰু ১২ গৰাকী অন্যান্য ৰেংকৰ বিষয়াক এটা যুধ সেৱা পদক আৰু ১৯ টা সেনা পদক (গেলেণ্ট্ৰি – ১৮, বিশিষ্ট – এক), পাঁচটা বিশিষ্ট সেৱা পদকেৰে সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শন কৰা ৩০টা সেনা ইউনিট বেটেলিয়নৰ মুৰব্বী আৰু পূব সেনাবাহিনীৰ অধিনায়কৰ ইষ্টান কামাণ্ডৰ সেনাধ্যক্ষ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই
সম্বৰ্ধনা জনায়।

অনুষ্ঠানত বীৰ সেনা বিষয়া সকলৰ অদম্য মনোভাৱ আৰু অক্লান্ত সাহসে উপস্থিত সকলোৰে মন মুগ্ধ কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানত কে’বা গৰাকী জ্যেষ্ঠ সামৰিক বিষয়া, অসামৰিক গণ্যমান্য ব্যক্তি, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰু বঁটা প্ৰাপক পৰিয়ালেও অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে ভাৰতীয় সেনাৰ ইষ্টান কামাণ্ডৰ সেনাধ্যক্ষ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই বঁটা বিজয়ী আৰু তেওঁলোকৰ পৰিয়ালৰ স’তে মত বিনিময় কৰে।

Exit mobile version