Fagun’s Rain Finally Arrived:
বহু অপেক্ষাৰ অন্ত পেলাই অৱশেষত ফাগুনৰ প্ৰথম জাক বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোৱা নিশা দিয়ে ৷ গুৱাহাটীটো প্ৰচণ্ড ধুমুহা- বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিছতে গুৱাহাটীত মুষলধাৰ বৰষুণ আৰম্ভ হয় ৷
আনহাতে উজনিৰ কে’বা খনো জিলাত দিয়া প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিত বহু লোকৰ ঘৰ-দুৱাৰ, খেতিপথাৰ ক্ষতিগ্ৰস্ত হয় ৷ একেদৰে মধ্য অসমতো যোৱা নিশা হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণে বহু ক্ষতিসাধন কৰে ৷ নগাঁও জিলাৰ কামপুৰৰ
তেঁতেলীসৰাকে ধৰি বিভিন্ন এলেকাত নিশাৰ ধুমুহাত তিনি মিনিটৰ ভিতৰতে উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ । গছ-গছনি উভালি পৰাত বহু চৰাই – চিৰিকটিৰ মৃত্যু হয় ৷