Old Men Pays Ten Rupees Interest Borrowed 44 Years Ago : ৪৪ বছৰৰ পূৰ্বে ধাৰে লোৱা দহ টকা সুদ সহ পৰিশোধ কৰিবলৈ আহি চৰ্চাত ৮০ উৰ্দ্ধৰ এজন মুছলমান বৃদ্ধ

WhatsApp Image 2023 02 24 at 19.28.13

Old Men Pays Ten Rupees Interest Borrowed 44 Years Ago :

এতিয়াও এচাম লোকৰ সততা, দায়বদ্ধতা হেৰাই যোৱা নাই। শেহতীয়াকৈ বটদ্ৰৱাৰ মংগল শ্বেখ (৮৫)নামৰ এজন বৃদ্ধৰ সততাৰ এক ঘটণাই সকলোকে স্তম্ভিত কৰি তুলিছে।

যিটো সময়ত ঋণ লৈ বহুতে ঋণ পৰিশোধ নকৰে বা মানুহক ঠগে, সেই সময়তে ৮০ উৰ্দ্ধৰ এই মুছলমান সম্প্ৰদায়ৰ লোক জনে প্ৰায় ৪৪ বছৰৰ পূৰ্বে ধাৰলৈ লোৱা ১০ টকা পৰিশোধ কৰিবলৈ গৈ চৰ্চালৈ আহিছে । সেইয়া আছিল ১৯৭৯ চনৰ কথা । আৰম্ভ হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ।

সেই সংগ্ৰামৰ সময়চোৱাত অগ্নিগৰ্ভা হৈ পৰা পৰিস্থিতিত আত্মৰক্ষাৰ বাবে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল মংগল শ্বেখৰ লগতে আন কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে । পাছত মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা দহ টকা ধাৰলৈ লৈ গমন কৰিছিল অন্য স্থানলৈ । তাৰ পাছৰ খিনি ইতিহাস। ইতিমধ্যে যোগেন্দ্ৰনাথ বৰাৰো পৰলোকপ্ৰাপ্তি ঘটিছে ।

সুদীৰ্ঘ প্ৰায় ৪৪ বছৰৰ মূৰত যোৱা ২২ফেব্ৰুৱাৰীৰ পুৱাতে মংগল শ্বেখ আহি উপস্থিত হয় কামপুৰ মুগাছুঙীয়া গাঁৱৰ প্ৰয়াত যোগেন্দ্ৰ নাথ বৰাৰ ঘৰ। উদ্দেশ্য সেই ৪৪বছৰৰ আগতে বিপদত পৰি যোগেন্দ্ৰনাথ বৰাৰ পৰা ধাৰে লোৱা দহ টকা ঘূৰাই দিয়া।

তেতিয়াৰ ১০ টকাটোৰ আজিৰ মূল্য লক্ষাধিক হ’ব বুলি ভাবি হাতত দহ হাজাৰ টকা লৈ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ’ল বৰ্তমান বটদ্ৰৱাৰ বাসিন্দা মংগল শ্বেখ । ইতিমধ্যে স্বৰ্গগামী হোৱা যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাৰ সন্মুখত দহ হাজাৰ টকা আগবঢ়াই দি সমগ্ৰ ঘটনা বৰ্ণনা কৰাৰে মংগল শ্বেখে। লগে লগে ঘৰ খনত সৃষ্টি হ’ল এক আবেগিক পৰিৱেশৰ।

সেমেকি উঠিল সকলোৰে চকু । দহ হেজাৰ টকা আগবঢ়াই দি তেওঁ যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাক ক’লে, “বাপু ১০ টকাৰ ৪৫ বছৰৰ সুত হিচাপ কৰিলে লাখ টকা হ’ব।

তুমি এই দহ হেজাৰ টকাকে ৰাখা আৰু মোক ধাৰ‌ৰ পৰা মুক্তি দিয়া।”তেতিয়া তেখেতৰ দায়িত্ববোধৰ প্ৰতি বৰাই সন্মান জনাই এই টকাখিনি আল্লাহৰ নামত মছজিদলৈ আগবঢ়াবলৈ তেওঁ অনুৰোধ কৰে।

কিন্তু তেখেতে জনাই যে এই পইচা মছজিদত গ্ৰহণ নকৰে আৰু তেওঁ ধাৰ মুক্ত নহ’লে মৃত্যুৰ পিছত তেওঁৰ অন্তিম ক্ৰিয়াত কোনোও ভাগ নল’ব। সেয়েহে উপায়ন্তৰ হৈ তেওঁ বৃদ্ধ জনৰ পৰা ১০ টকা গ্ৰহণ কৰে আৰু সুত পৰিশোধ কৰিব নালাগে বুলি কৰজোৰে প্ৰাৰ্থনা কৰে।

আধুনিকতাৰ পৰসত ক্ৰমে বস্তুবাদীৰ দিশে ধাৱিত হোৱা সমাজখনত এনে সহজ- সৰল, নিভাঁজ , চহা, দায়বদ্ধতাৰ প্ৰতি সচেতন ব্যক্তিজনে সিদিনা ডাঙি ধৰিলে সঁচা অৰ্থত ,সততা,কৰ্তব্যবোধৰ প্ৰকৃত সংজ্ঞা

মংগল শ্বেখৰ এনে আদৰ্শই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । যোগন্দ্ৰনাথৰ নাতি অনামিকা বৰাই সমগ্ৰ ঘটনাটো শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়া ফেচবুকত । লগে লগে ভাইৰেল হৈ পৰিছে প’ষ্টটো ।

Exit mobile version