Asomiya Bjp Barta:অসমীয়া বিজেপি বাৰ্তা’ৰ ৭৫ সংখ্যক সংস্কৰণ উন্মোচন

৩৯ খন সাংগঠনিক জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ উপস্থিতিত বিশেষ সাংগঠনিক সভা

WhatsApp Image 2023 03 01 at 12.27.55

Asomiya Bjp Barta :

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ উদ্যোগত আজি মহানগৰীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সংবাদ বিভাগৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্য মুখপাত্র, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, মুখপাত্র তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ সংবাদ বিভাগৰ ১১০ জন আহ্বায়ক আৰু সহ আহ্বায়ক, ৮ টা মৰ্চাৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক, সহ- আহ্বায়কে অংশগ্রহণ কৰে।

দলীয় কার্যকৰ্তা সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে দলৰ সংবাদ বিভাগ

জন মানসত দলৰ ভাবমূৰ্ত্তি সুস্থিৰ ৰখাত সংবাদ বিভাগৰ ভূমিকা অপৰিসীম। কলিতাই লগতে কয়, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কার্যকর্তা সকলে কৰি অহা শ্ৰম আৰু কষ্টৰ বিনিময়ত দলে আজি এই পর্যায়ত উপনীত হৈছেহি। দলৰ এনে ভাবমূর্তি বৰ্তাই ৰখাৰ উদ্দেশ্য সকলো কাৰ্যকৰ্তাই সেৱা মনোভাবেৰে জনসাধাৰণৰ সুখ-দুখৰ লগত একাত্ম হোৱাৰ প্ৰয়োজন।

মুখ্য মুখপাত্র সাংসদ কামাখ্যা প্ৰসাদ তাছৰ লগতে মুখপাত্র তথা সাংসদ পৰিত্ৰ মাৰ্ঘেৰিটাই দলৰ কার্যকর্তা সকলক উদ্দেশ্যি সংবাদ বিভাগৰ ভূমিকা আৰু কাৰ্যাৱলীৰ ওপৰত্ত ভাষণ প্রদান করে। নেতাদ্বায়ে কয়, ৰাজনীতিত আদৰ্শৰ বাবেহে মানুহে মনত ৰাখে। গতিকে, ৰাজনীতি কৰা সকলৰ আদৰ্শ থাকিবই লাগিব।

এখন সুস্থিৰ সমাজ নিৰ্মাণ কৰিবলৈ হ’লে কণাত্মক দিশসমূহক প্রতিহত কৰি ধনাত্মক দিশসমূহ অত্যাধিক প্ৰচাৰ কৰাৰ প্রয়োজন আৰু এইক্ষেত্ৰত সংবাদ বিভাগৰ কার্যকৰ্তা সকলে মূল ভূমিকা পালন কৰিব লাগিব।

ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্রুবজ্যোতি মৰলে প্ৰতিখন জিলাৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ সৈতে সাংগঠনিক দিশত বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ কৰণীয়ৰ ওপৰত ভাষণ প্ৰদান কৰে।

আনহাতে, উক্ত সভাতে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বাৰ্তাৰ মাৰ্চ মাহৰ সংখ্যাটি উন্মোচন কৰা হয়। মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাচাই উক্ত সংখ্যাটি উন্মোচন কৰে।

বহু ঘাট-প্রতিঘাট অভিক্ৰম কৰি ৭৫ টা সংখ্যা অতিক্ৰম কৰা দলৰ মুখপত্ৰখন উন্মোচন কৰাৰ সুযোগ লাভ যথেষ্ট গৌৰৱবোধ কৰা বুলি কামাখ্যা প্ৰসাদ ভাচাই জানিব দিছে। উল্লেখ্য যে দলৰ মুখপত্রখন প্রত্যেক মাহে ৩৭,০০০ কপি বিতৰণ হৈ আহিছে।

ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ সহ-আহ্বায়ক ঘনশ্যাম দলেই আঁত ধৰা অনুষ্ঠানত ৰাজ্যিক কোষ সমূহৰ তত্বাবধায়ক মনোজ বৰুৱা, বিধায়ক দিগন্ত কলিতা, ‘অসমীয়া বিজেপি বার্তা’ৰ সম্পাদক জিতেন শৰ্মা, সংবাদ বিভাগৰ সহ-আহ্বায়ক ঋতুপৰ্ণ তামুলী ফুকন, সহ-আহ্বায়িকা কৃষ্ণা নাথ, ৰাজ্যিক মুখপাত্র আৰু পেনেলিষ্টৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল।

Exit mobile version