Greece Train Accident : গ্ৰীচত ভয়াৱহ ৰে’ল দুৰ্ঘটনা , নিহত ৩৬,আহত ৮৫ ৰো অধিক

214a81c5 55b4 4ed7 9953 37ff06b12969 1

Greece Train Accident :

ইউৰোপীয়ান দেশ গ্ৰীচত যোৱা নিশা সংঘটিত হৈছে এক শোকাৱহ ৰে’ল দুৰ্ঘটনা ৷ দুখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৩৬ জন আৰু আহত হয় প্ৰায় ৮৫ জনকৈ লোক ৷

উল্লেখ্য যে,দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে আহত বহুজনৰে অৱস্থা অতি সংকটজনক হোৱাত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় প্ৰশাসনে ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত কম্পাৰ্টমেণ্টবোৰ ৰে’ল ট্ৰেকৰ কাষত পৰি থকাৰ লগতে বহু সময়লৈ ওলায় আছিল ধোৱা ৷

ঘটনাস্থলীত ইতিমধ্যে উদ্ধাৰকাৰী দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ভগ্নপ্ৰায় ৰে’ল দুখনৰ পৰা আহত যাত্ৰী সকলক উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

গ্ৰীচৰ থিচলি ৰাজ্যৰ এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি চহৰলৈ যাত্ৰা কৰি আছিল এখন যাত্ৰীবাহী ট্ৰেইন । আনহাতে আন এখন মালবাহী ৰে’ল থেছালোনিকিৰ পৰা লাৰিছালৈ আহি আছিল।

কিন্ত দুয়ো খন ৰে’ল লাৰিছা চহৰ পোৱাৰ পূৰ্বে মুখামুখি সংঘৰ্ষ হয় ৷ উল্লেখ্য যে, যোৱা নিশা সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাটিত এতিয়াও স্পষ্ট হোৱা নাই যে দুৰ্ঘটনাটোৰ কাৰণ ৷

এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি লৈ যোৱা যাত্ৰীবাহী ৰে’লখনত প্ৰায় ৩৫০ জন লোক আছিল। ইয়াৰে সুৰক্ষিতভাৱে ২৫০ জন যাত্ৰীক নিৰাপদে উলিওৱা হয়৷

নিশা ভাগত সংঘটিত দুৰ্ঘটনাৰ পাছতে যাত্ৰীসকলৰ মৰণ কাতৰ চিঞৰত স্থানীয় ৰাইজ উদ্ধাৰ অভিযানত নামি পৰে৷ জুয়ে ৰে’ল দুখন আগুৰি ধৰাত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে আবদ্ধ যাত্ৰীসকলক উদ্ধাৰত নামি পৰে ৷

Exit mobile version