Murder : পৰকীয়া প্ৰেমৰ বাবে অন্ত:সত্বা পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

images 2

Murder :

ছমাহ পুৰ্বে বকোৰ কলহীকাষ গাঁৱৰ আছিমুদ্দিনৰ ১৭ বছৰীয়া কন্যা সন্তান ছাজিদা বেগমক প্ৰেমৰ ছলনা কৰি পলুৱাই নি বিবাহ পাতিছিল নতুন দেওঁচৰ গাঁৱৰ চান মিঞাৰ পুত্ৰ আকতাৰ হুছেইনে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মৃত ছাজিদা বেগম আছিল দুমহীয়া গৰ্ভৱতী ৷

অভিযোগ অনুসৰি বিবাহৰ পিছৰে পৰা লম্পট আকতাৰ হুছেইনে পত্নী এৰি অন্য যুৱতীৰ স’তে প্ৰেমত পৰিছিল আৰু প্ৰেমত বাধা হিচাপে থিয় দিছিল পত্নী ছাজিদা বেগমে ৷

তেতিয়াৰে পৰা পত্নী ছাজিদা বেগমক হত্যাৰ পৰিকল্পনা কৰিছিল লম্পট স্বামী আকতাৰ হুছেইনে ৷ তথ্য অনুসৰি , বুধবাৰে দিনৰ ভাগত ছাজিদা বেগমক হত্যা কৰি ঘৰৰ পৰা পলাই গৈছিল আকতাৰ হুছেইনৰ পৰিয়াল ৷

ছাজিদা বেগমৰ পৰিয়ালৰ লোকে বকো আৰক্ষীৰ সহযোগত মৃত অৱস্থাত উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

বকো আৰক্ষীয়ে ছাজিদা বেগমৰ পিতৃয়ে দাখিল কৰা এজাহাৰ মৰ্মে ইতিমধ্যে সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অতিশীঘ্ৰেই হত্যাকাৰী স্বামী আকতাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ৷

Exit mobile version