Pm Modi :উত্তৰ- পূবৰ তিনি ৰাজ্যৰ শপত গ্ৰহণত অংশ ল’ব প্রধানমন্ত্ৰীয়ে

WhatsApp Image 2023 02 24 at 16.29.10

Pm Modi :

সদ্য সমাপ্ত নির্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ তিনি ৰাজ্য ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিয়ে চৰকাৰ গঠন কৰিবলগীয়া ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্রী তথা মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

এনডিএ চৰকাৰৰ শপতগ্রহণ উপলক্ষে প্রধানমন্ত্রীয়ে অহা সাত মাৰ্চত নগালেণ্ড আৰু মেঘালয়ত উপস্থিত থাকিব। পাছদিনা তেওঁ ত্ৰিপুৰাত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠানত অংশ ল’ব।

যোৱা দুই মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্রকাশৰ পাছতে প্রধানমন্ত্ৰীয়ে দিল্লীৰ পৰাই উচ্ছ্বাস প্রকাশ ব্যক্ত কৰিছিল। মোদীয়ে মন্তব্য কৰিছিল যে উত্তৰ-পূবৰ এই তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে দেশৰ মানুহৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি থকা অগাধ আস্থাকে সূচালে।

এই নির্বাচনী ফলাফলৰ বাবে তেওঁ তিনি ৰাজ্যৰ বিজেপি কৰ্মীসকলৰ কঠোৰ শ্রমকো কৃতিত্ব দিয়ে। উল্লেখ্য যে ত্ৰিপুৰাত বিজেপিয়ে স্বস্তিজনক জয়েৰে দ্বিতীয়বাৰলৈ ক্ষমতা দখল কৰে।

সেইদৰে নগালেণ্ডত দলটোৱে জোঁটসংগী নেছনেল ডেমক্রেটিক প্র’গ্রেছিভ পার্টী (এনডিপিপি)ৰ স’তে চৰকাৰ গঠন কৰিব। আনহাতে, মেঘালয়ত তিনিখন আসন বিজেপিয়ে লাভ কৰিলেও দলটোক চৰকাৰৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছে কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে ।

Exit mobile version