Tripura Swearing-in Ceremony: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মানিক সাহাই

মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় কনৰাড চাংমা আৰু নেফিঅ ৰিঅয়ে

WhatsApp Image 2023 03 08 at 13.09.05

Tripura Swearing-in Ceremony:

প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত ল’লে মানিক সাহাই

আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মানিক সাহাই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে কংগ্ৰেছ আৰু চিপিআই(এম)ৰ নেতৃত্বত বিৰোধী দলসমূহে ৷

মনকৰিবলগীয়া যে, ত্ৰিপুৰাৰত দ্বিতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যা গৰিষ্ঠা পোৱাৰ পাছতে শাসনাধিষ্ঠ বিজেপি দলটোৱে মুখ্যমন্ত্ৰী কোন হ’ব ৷

ইয়াকে লৈ আগৰতলাত আৰম্ভ হৈছিল ব্যাপক জল্পনা কল্পনা ৷ মুখ্যমন্ত্ৰীৰ ৰেছত আগবাঢ়িছিল কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক ৷ আনকি দলৰ হাইকামাণ্ডেও ৰাজ্য খনৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে ভৌমিকৰ নামটোতে মোহৰ মৰাৰ সম্ভাৱনা প্ৰকট হৈছিল ৷

কিন্তু ৬ ছয় মাৰ্চত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে মানিক সাহাৰ নাম ঘোষণা কৰে ৷ তাৰ পাছতে বিজেপি বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে সাহাক নেতা হিচাপে নিৰ্বাচিত কৰে।

স্মতৰ্ৱ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুখনকৈ উত্তৰ পূবৰ ৰাজ্যৰ নতুন চৰকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল ৷

মঙলবাৰে পুৱা ভাগত প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হৈ তাৰ পৰা হেলিকপ্তাৰৰে ৰাওনা হয় মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ

তাত দ্বিতীয় বাৰৰ বাবে এন পি পি – বিজেপি সহ কেইবাটাও দলৰ জোটবন্ধনৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহা কনৰাৰ্ড চাংমাৰ সহ কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

তাৰ পৰা পোনে পোনে ৰাওনা হয় নাগালেণ্ডৰ ৰাজধানী কোহিমালৈ ৷ কোহিমাৰ কেপিটেল কালছাৰেল হলতেই শপত গ্ৰহণ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু নেডাৰৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ হয় ৰিঅ চৰকাৰৰ শপত গ্ৰহণ পৰ্ব ৷

ৰাজ্যপাল লা গনেশনে শপত বাক্য পাঠ কৰাই মুখ্যমন্ত্ৰী ৰিঅক ৷ এয়া হ’ল পঞ্চম বাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅৰ শপত গ্ৰহণ ৷ নাগালেণ্ড ৰিঅ চৰকাৰৰ অন্যতম সহযোগি হৈছে বিজেপি ৷

নাগালেণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোডী গুৱাহাটীলৈ আহি নিশাটো কটায় কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে পুৱা প্ৰায় ১০.৩৫ বজাত গুৱাহাটীৰ পৰা আগৰতলাত উপস্থিত হৈ মাণিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ তাৰ পৰাই উৰা মাৰিব নতুন দিল্লীলৈ ৷

Exit mobile version