Tipra Motha Party : ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণত অংশ লোৱা

আলোচনাত স্থান পায় ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যা

c51bbd40 1202 44ed a888 88638ab3ca64

Tipra Motha Party :

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দ্বিতীয় বাৰৰ বাবে ডা:মাণিক সাহাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বুধবাৰে নতুন চৰকাৰৰ শপত গ্ৰহণ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷

উল্লেখ্য যে,সদ্য সমাপ্ত ৰাজ্য খনৰ বিধানসভাৰ নিৰ্বাচন পোন প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈ ১৩ খন আসনৰে দ্বিতীয় সৰ্ববৃহৎ দল ৰূপে পৰিগণিত হয় ত্ৰিপুৰা জনগোষ্ঠীৰ স্বাধীকাৰৰ বাবে গঠন কৰা ত্ৰিপ্ৰা মথা দলে।

দ্বিতীয় বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা ডা:মাণিক সাহাৰ উপস্থিতিত যোৱাকালি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ স’তে এক আলোচনাত মিলিত হয় ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাৰ নেতৃত্বৰ ত্ৰিপ্ৰা মথা দলে ।

আলোচনাৰ সময়ত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, নেডাৰ মুখ্য আহ্বায়ক তথা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ মুখ্য মুখপাত্ৰ সম্বিত পাত্ৰ সহ কে’বাগৰাকী জ্যেষ্ঠ নেতা ৷

বৈঠকৰ অন্তত ত্ৰিপ্ৰা মথা দলৰ সভাপতি প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাই সম্বোধন কৰে এক সংবাদমেল ৷ দেববৰ্মাই কয়,গৃহমন্ত্ৰীৰে আলোচনাত ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰাৰ লগতে ইতিপূৰ্বে চৰকাৰৰ হাতত তুলি দিয়া দাবী পত্ৰ সম্পৰ্কত গৃহমন্ত্ৰী গৰাকীয়ে পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়ে ৷

ত্ৰিপ্ৰা মথা দলৰ মুৰব্বী গৰাকীয়ে আৰু কয় যে,তেওঁৰ দলৰ বিধায়ক সকলে ত্ৰিপুৰী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমূহ সংবিধানৰ জৰিয়তে সমাধান হোৱাটো কামনা কৰে ৷

গৃহ মন্ত্ৰী শ্বাহে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ খৰচি মাৰি বুজ লোৱাৰ বাবে দুই এদিনত এগৰাকী মধ্যস্থতাকাৰী নিয়োগ কৰাৰ কথাও উল্লেখ কৰে দেৱবৰ্মাই ৷ গৃহমন্ত্ৰীয়ে মধ্যস্থতাকাৰী জৰিয়তে খিলঞ্জীয়া লোক সকলৰ সমস্যা সমূহ অনুধাৱন কৰি দ্ৰুত সমাধানৰ আগ্ৰহ প্ৰকাশ কৰে ৷

আনহাতে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰাৰ দৰে ত্ৰিপ্ৰা মথা দলৰ বিধায়কে নতুন চৰকাৰৰ অংশীদাৰ হৈ মন্ত্ৰীত্ব লোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন ৷ এইয়া কল্পনাপ্ৰসূত ৷ ত্ৰিপ্ৰা মথা দলে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ সাংবিধানিক সমাধান হোৱাটোকে বিছাৰে ৷

ত্ৰিপ্ৰা মথা দলে তেৰ লাখ ত্ৰিপ্ৰা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধান নোহোৱা পৰ্যন্ত মাণিক সাহাৰ চৰকাৰৰ অংশীদাৰ নহয় বুলি প্ৰকাশ কৰে ত্ৰিপ্ৰা মথা দলৰ মুৰব্বী গৰাকীয়ে ৷ লগতে মুৰব্বী গৰাকীয়ে উল্লেখ কৰে যে তেওঁলোকৰ এই সিদ্ধান্ত কোনো চৰকাৰ বা দলৰ বিৰুদ্ধে নহয় ৷ সংবাদমেলত প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাৰ স’তে উপস্থিত থাকে ত্ৰিপ্ৰা মথা দলৰ তেৰ গৰাকী নৱ নিৰ্বাচিত বিধায়ক ৷

Exit mobile version