MLA Teras Goala :
আজিৰ পৰা ২৭ দিনীয়াকৈ আৰম্ভ হোৱা অসম বিধানসভাৰ বাজিট অধিবেশনৰ প্ৰথম দিনটোতে অপমানৰ সন্মুখীন হ’ল দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা ৷
উল্লেখ্য যে, বাজেট অধিৱেশনত অংশ ল’বৰ বাবে বিধান সভা ভৱনৰ সমীপত থকা বিধায়ক আৱাসৰ নিজা বাসভৱনৰ পৰা চাইকেল চলাই আহিছিল বিধায়ক গোৱালা ৷
কিন্ত বিধানসভাৰ প্ৰৱেশ দ্বাৰ পোৱাৰ পাছতে নিৰাপত্তাৰক্ষীৰে বিধায়ক গৰাকীক প্ৰৱেশত বাধাআৰোপ কৰে ৷ আনকি গোৱালাই বিধায়ক বুলি পৰিচয় দিয়াৰ পাছতো তেওঁক সোমাব দিয়া নাছিল বুলি অভিযোগ কৰে ৷
অৱশ্যে কিছু সময়ৰ পাছতে বিধানসভাৰ কৰ্মচাৰীৰ তৎপৰতাত বিধায়ক গৰাকী বিধানসভাত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে বিধান সভাৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীৰ দ্বাৰা অপমানিত হোৱা গোৱলাই সমস্ত বিষয়টো অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক লিখিত অভিযোগ দাখিল কৰিছে ৷