Nagaland:নাগালেণ্ডত মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ’ৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰীসভাৰ সদস্যক দপ্তৰ বিতৰণ

WhatsApp Image 2023 03 10 at 15.26.15

Nagaland:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য নাগালেণ্ডত এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅ’য়ে পঞ্চম বাৰৰ শপত লোৱাৰ পাছত তেওঁৰ মন্ত্ৰীসভাৰ সদস্য সকলৰ মাজত বৃহস্পতিবাৰে বিতৰণ কৰে দপ্তৰ সমূহ ৷

মুখ্যমন্ত্ৰী ৰিঅ’ক লৈ গঠিত বাৰজনীয়া মন্ত্রীসভাত ৰিঅ’য়ে নিজৰ হাতত ৰাখিলে বিত্ত, পাৰ্ছনেল আৰু প্ৰশাসনিক সংস্কাৰ আৰু বিতৰণ নকৰা অন্য দপ্তৰ সমূহ

আনহাতে উপ -মুখ্যমন্ত্ৰী হিচাপে মংগলবাৰে শপত গ্ৰহণ কৰা এন ডি পি পিৰ বিধায়ক তথা উপ- মুখ্যমন্ত্রী টি আৰ জেলিয়াঙক প্ৰদান কৰা হৈছে প্লেনিং এণ্ড টেন্সফর্মেছন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰ ৷

আন গৰাকী বিজেপিৰ বিধায়ক তথা উপ- মুখ্যমন্ত্ৰী ৱাই পেটনক পূবৰ দৰে পুনৰ দিয়া হ’ল গৃহ আৰু সীমান্ত উন্নয়ণ দপ্তৰ |

একেদৰে মন্ত্ৰী জি কাইতু আয়েক মুখ্য পথ আৰু দলং , জেকব জিমমীক দিলে জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় , কে জি কেনেয়ক শক্তি আৰু সংসদীয় পৰিক্ৰমা বিভাগ, পাইৱাং কন্যাকক স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা দপ্তৰ ৷

মুখ্যমন্ত্ৰী ৰিঅয়ে নিজ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা দপ্তৰ, মেটছেবু জমিৰক নগৰ উন্নয়ন আৰু চি আই আৰ ডি দপ্তৰ ।

আনপিনে বিজেপিৰৰ ৰাজ্যিক সভাপতি তথা পূৰ্বৰ কেবিনেটৰ অন্যতম সদস্য টেমজেন ইন্না আলংক দপ্তৰ আগৰ দৰেই উচ্চ শিক্ষাৰ দপ্তৰৰ লগতে আংঙক পর্যটন বিভাগৰ দায়িত্ব দিয়া হয় । চি এল জনক পৰিৱেশ, বন আৰু বতৰ পৰিবৰ্তন আৰু গাঁও সুৰক্ষা বিভাগ।

নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰা ছালহৌটৌনৌ ক্রুজেক মহিলা উৎস উন্নয়ন আৰু উদ্যান শস্য বিভাগ দিয়া হৈছে।

আন গৰাকী বিধায়িকা পি বি ছাঙক মিনিষ্টাৰ হাউছিং আৰু মেকানিকেল ইঞ্জিনীয়াৰিংৰ দপ্তৰ দিয়া হয়।

আনহাতে এনডিপিপিৰ পৰা সোত্তৰজন আৰু বিজেপিৰ পৰা সাতজন নৱনিৰ্বাচিত বিধায়কক উপদেষ্টা হিচাপেও মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ’য়ে নিযুক্তি দিয়ে।

ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে থকা এনডিপিপিৰ বিধায়ক শ্বাৰিংগাইন লংকুমাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই। তেওঁ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

কেবিনেট মন্ত্ৰীৰ ভিতৰত এনডিপিপিৰ সাতজন আৰু বিজেপিৰ পাঁচ জন উপদেষ্টা নিযুক্তি দিয়াৰ বিপৰীতে এনডিপিপিৰ পৰা ১৭ জন আৰু বিজেপিৰ পৰা সাতজন উপদেষ্টা নিযুক্তি দিয়া হৈছে ।

Exit mobile version