Odisha : মৃত্যুৰ পাছতো কৰিব বিচাৰে একেলগে বাস, নিজৰ সমাধিস্থল নিৰ্মাণ কৰালে বৃদ্ধ দম্পতীয়ে

download 1 1

Odisha :

মৃত্যুৰ কেতিয়া আগমন ঘটে সেয়া কোনেও নাজানে। কিন্তু মৃত্যুৰ পাছতো একেলগে থাকিব বিচাৰে এক দম্পতীয়ে । এই উদ্দেশ্যৰে নিজৰ জীৱনকালতে লক্ষাধিক টকা ব্যয়ৰে নিজৰ সমাধিস্থল নিৰ্মাণ কৰালে বৃদ্ধ দম্পতীয়ে।

মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ কৰিব কোনে? এই চিন্তাৰে মৃত্যুৰ পূর্বেই গ্রামবাসীক নিমন্ত্রণ জনাই ভোজ-মাত খুৱালে অশীতিপৰ লক্ষ্মণ ভূয়া আৰু তেওঁৰ ৭০ বছৰীয়া পত্নী জেংগীয়ে।

দম্পতীয়ে ওড়িছাৰ গজপতি জিলাৰ নুয়াগাডা ব্লকৰ ছ’ৰি গ্ৰামৰ বাসিন্দা। এটা সাধাৰণ ঘৰত বৃদ্ধ দম্পতীয়ে বাস কৰে। ঘৰত স্বামী-স্ত্ৰীৰ- বাহিৰে আন কোনো নাই। অসুস্থ হ’লে চোৱাচিতা কৰাৰ বাবেও ঘৰত কোনো নাই।

বৃদ্ধ লক্ষ্মণৰ সমগ্ৰ জীৱনৰ সঞ্চিত ধন আৰু চৰকাৰী ভাট্টাৰ ধনৰে তেওঁ আৰু পত্নীৰ জীৱন যাপন হৈ আহিছে। কিছু ভূমি আছিল যদিও উক্ত ভূমি বিক্ৰী কৰি সেই ধনৰে লক্ষ্মণে তেওঁৰ লগতে পত্নীৰ বাবে সমাধিস্থল নিৰ্মাণ কৰালে আৰু লগতে বাকী থকা ধনৰে জীৱিত কালতে নিজৰ শ্ৰাদ্ধ সম্পন্ন কৰাই গাঁওবাসীক ভোজ খুৱালে

কিন্তু কিয় জীৱন কালতে এই পদক্ষেপ গ্ৰহণ কৰিলে বৃদ্ধ দম্পতীয়ে? দৰাচলতে লক্ষ্মণ আৰু জেংগীৰ পুত্র-কন্যা উভয়ে আছে। কিন্তু সন্তানে পিতৃ-মাতৃক চোৱাচিতা কৰা দূৰৰে কথা, দেখা সাক্ষাৎ কৰিবলৈও নাহে।

সন্তানে পৃথকে বাস কৰে আৰু পিতৃ-মাতৃৰ স’তে কোনো সম্পর্ক নাৰাখে। সেয়েহে লক্ষ্মণ দম্পতীয়ে জীৱিত অৱস্থাতে ডেৰ লাখ টকা ব্যয়ৰে নিজৰ বাবে সমাধিস্থল নিৰ্মাণ কৰালে যাতে মৃত্যুৰ পাছতো তেওঁলোক দুয়ো একেলগে থাকিব পাৰে।

লক্ষ্মণে কয় ‘আমাৰ জীৱন এতিয়া অন্তিম পর্যায়ত, মৃত্যু কেতিয়া হয় ঠিক নাই। মৃত্যুৰ পাছতে ইয়াতে দুয়ো একেলগে থাকিম, সেয়েহে নিজৰ ইচ্ছাত সমাধিস্থল নিৰ্মাণ কৰালো।’

এই ঘটনাৰ সন্দৰ্ভত এজন গাঁওবাসীয়ে ক’লে ‘লক্ষ্মণক যেতিয়া পত্নী আৰু নিজৰ বাবে সমাধি নিৰ্মাণ কৰা দেখিছিলো, তেতিয়া অবাক হৈছিলো।

চোৱাচিতা কৰিবলৈ তেওঁলোকৰ কোনো নাই,সেয়ে হয়তো এই পদক্ষেপ ল’লে।’ সম্প্রতি বহু লোকে এই সমাধি দৰ্শন কৰিবলৈ ছ’ৰি গাঁৱত ভিৰ কৰিছে।

Exit mobile version