CID Inquiry :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত আৰম্ভ চি আই ডি

postponed

CID Inquiry :

দেওবাৰে নিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্য চৰকাৰে ফাদিল সম্পৰ্কত তদন্তৰ দায়িত্ব অৰ্পণ কৰে চি আই ডিক ৷

ইতিমধ্যে আজি আবেলি ছেবাৰ তিনি জ্যেষ্ঠ বিষয়াক তলৱ কৰে চি আই ডি-এ ৷ চি আই ডিৰ কাৰ্যালয়ত বিষয়া তিনিগৰাকী উপস্থিত হোৱাৰ পাছতে চি আই ডিৰ বিষয়াই ছেবাৰ বিষয়া কেইগৰাকীক সোধপোছ কৰে ৷

আনহাতে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চি আই ডিৰ মহাপৰিদৰ্শক প্ৰশান্ত ভূঞাই কয়, তদন্তৰ আওতাত সকলো আহিব ৷ একেদৰে চি আই ডিৰ তদন্তৰ আওতালৈ আহিব ছেবাৰ কৰ্মচাৰী আৰু পেপাৰ প্ৰস্তুত কৰা বিষয়া সকলো ৷

উল্লেখ্য যে,প্ৰশ্নকাকত ফাদিলক লৈ ইতিমধ্যে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে দাখিল কৰিছে এজাহাৰ।

Exit mobile version