Opinion :
প্রাঞ্জলসেন ডেকা
সমাজ যেতিয়াই কোনো সন্ধিক্ষণত উপস্থিত হয় আৰু তাৰ পৰা মুক্তি বিচাৰি মানৱ জাতি উদ্বাউল হৈ পৰে, তেতিয়াই একোগৰাকী মনীষীৰ আবিৰ্ভাৱ ঘটে আৰু তেওঁ প্ৰদৰ্শন কৰা পথেদিয়ে সমাজে মুক্তি লাভৰ দিশে অগ্ৰসৰ হয়। নেতা বহুতেই ওলাল— জনপ্রিয়, শক্তিশালী; কিন্তু তাৰে কেইজনে সমাজক মুক্তিৰ পথ দেখুৱাবলৈ সক্ষম হ’ল?
সমাজ গতিশীল যেতিয়া প্রত্যাহ্বান আহিবই, সেইবাবেই ইতিহাস ইমান ঘটনাবহুলতাৰে সমৃদ্ধ; কিন্তু তাক মোকাবিলা কৰি আগবাঢ়ি যাব পৰাটোহে সঠিক পথ অনুসৰণকাৰী সমাজৰ লক্ষণ। এখন সুস্থিৰ, সফল সমাজৰ আঁৰত থাকে তেনে একোগৰাকী মনীষীৰ দিক্ নিৰ্দেশনা।
কিন্তু সম্প্ৰতি যি শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ উদ্ভৱ হৈছে, তাৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি মানৱ সমাজে ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে। বিশ্বৰ এক বৃহৎ অংশই আজি গভীৰ সংকটৰ গৰাহত নিমজ্জিত হৈছে। বিভিন্ন ধৰণৰ সংঘাত,আর্থিক অস্থিৰতা, বৈষম্য আদিৰ লগতে জলবায়ুৰ সমস্যাই গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
এনে অস্থিৰতাৰ পৰা উদ্ধাৰ পাবলৈ আমি এতিয়া কাৰ মুখলৈ চাম— যিয়ে সেই মুক্তিৰ পথ আমাৰ সমুখত দাঙি ধৰিব?এজন মহাত্মা গান্ধী, অথবা এজন বার্ট্রাণ্ড ৰাছেল, অথবা এজন নেলছন মেণ্ডেলা অথবা শ্ৰীমন্ত শংকৰদেৱ ক’ত— যাৰ জীৱন আৰু বাণীয়ে আমাক এখন সন্তুলিত সমাজ গঠনৰ বাবে সঠিক পথৰ সন্ধান দিব? নেতাৰ ভিৰ লাগিছে ঠিকেই; কিন্তু পথ প্ৰদৰ্শক ক’ত? নেতা মানেইতো পথ প্রদর্শক নহয়।
মানুহৰ অন্তহীন আকাংক্ষাই সর্বনাশৰ মূল। মহাত্মা গান্ধীয়ে সৌ তেতিয়াই সকীয়াই থৈ গৈছিল। মানুহৰ খঁক পূৰণ কৰিবলৈ পৃথিৱী আৰু প্ৰকৃতিৰ ওপৰত চলি অহা অত্যাচাৰৰ প্ৰতিফল সম্প্রতি দিনে-প্রতিদিনে ভুগিবলগীয়া হৈছে বিশ্ব কোনো নহয় কোনো এটা প্ৰান্তৰ বাসিন্দাই।
বিশেষজ্ঞসকলে এনে বিপৰ্যয়ৰ এয়া আৰম্ভণিহে বুলি বাৰম্বাৰ সকীয়নি প্রদান কৰাৰ বিষয়ে কোনেই বা অৱগত নহয়; কিন্তু তথাপি অত্যাচাৰ কমিছে জানো?সন্মুখত অন্ধকাৰ দেখিও গতি কাৰো হ্ৰাস পোৱা নাই।ৰাষ্ট্ৰনেতাসকলে জলবায়ু ৰক্ষাৰ হকে ডিঙি ফুলাই বক্তৃতা দিছে আৰু ফটো চেছন কৰি বিশ্ববাসীক বাৰ্তা দিছে।
সকলো বিপৰ্যয়ৰ বাবে আনক দোষাৰোপৰ চেষ্টা চলাইছে আৰু স্বদেশলৈ উভতি গৈ পৰিৱেশ ধ্বংসত ঘৃতাহুতি দিছে। এনে এক সন্ধিক্ষণত পৰিৱেশ ৰক্ষাৰ জৰিয়তে এই পৃথিৱী নামৰ গ্ৰহটো আৰু ইয়াত বাস কৰি থকা নিজকে ব্ৰহ্মাণ্ডৰ গৰাকী বুলি ভবা মানৱ জাতিক ৰক্ষাৰ বাবে কোনজন নেতাই আমাক কি উপায় দিব পাৰিছে?
এই ক্ষেত্ৰত কোনেই বা মানৱ জাতিৰ সমুখত গ্রহণযোগ্যতা প্রমাণ কৰিব পাৰিছে? ওলাবনে আৰু এজন মহাত্মা গান্ধী! এক মানৱ জাতি, চাৰিসীমাবিহীন ৰাষ্ট্ৰ আৰু গোলকীয় গাঁৱৰ ধ্বনি দি থকাৰ সময়তে দেশে দেশে আগ্রাসনৰ কুচকাৱাজ চলিছে।
আর্থিকভাৱেও, ভূমিগতভাবেও আধিপত্য স্থাপনৰ প্ৰত্যক্ষ-পৰোক্ষ যুঁজ! তাৰেই অংশৰূপে যোৱা এবছৰে বিপুল ধন-জনৰ ক্ষতিসাধন কৰি অব্যাহত থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই কিহৰ ইংগিত দিছে? এই যুদ্ধই সমগ্ৰ বিশ্বতে উদ্যোগ-বাণিজ্য ক্ষেত্ৰত কি ব্যাপক প্ৰভাৱ পেলাইছে, সেই সম্পর্কত প্রতিদিনেই চর্চা চলি আহিছে।
তৎসত্ত্বেও উভয় পক্ষই পৰস্পৰক ধৰাশায়ী কৰাৰ লক্ষ্যৰে আক্ৰমণ অধিক তীব্ৰতৰ কৰিবলৈহে তৎপৰ হৈছে। শক্তিশালী দেশসমূহৰ মাজতো দুটা ভাগৰ সৃষ্টি হৈছে আৰু এই যুদ্ধ ক্রমশঃ পৰমাণু যুদ্ধৰ দিশেই অগ্ৰসৰ হৈছে বুলি ক’ব পাৰি। এনে সংকটৰ মাজতে শান্তিৰ অপৰিহাৰ্যতাক লৈ সকলোৱে বাণী ছটিয়াইছে; কিন্তু সভ্যতা বিধ্বংসী যুদ্ধৰ বিৰুদ্ধে বিশ্বক ঐক্যবদ্ধ কৰিবলৈ আৰু এজন বাৰ্ট্ৰাণ্ড ৰাছেল ক’ত?
ভাৰতৰ কথাকে যদি চোৱা যায়— ক্ষমতাসীনসকল আৰু তেওঁলোকৰ মুষ্টিমেয় মোচাহেব চাতুকাৰৰ বাদে আন অধিকাংশ লোকেই এক ধৰণৰ অনিশ্চয়তাত ভুগিছে। কাইলৈ কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় তাকে লৈ সৃষ্টি হোৱা অনিশ্চয়তাই সকলোকে এক অস্থিৰতাত ভোগাইছে। আর্থিকভাৱে দুৰ্বল তথা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাসকলতো হয়েই, স্বচ্ছল তথা নিশ্চিত আয়ৰ অধিকাৰীসকলো একেই পৰিৱেশত জীয়াই আছে।
সংখ্যালঘুজন যদি শংকাত ভুগিছে, সংখ্যাগুৰুজনো কিন্তু সুৰক্ষিত বুলি নিশ্চিত হ’ব পৰা নাই। যেন এক শ্বাসৰুদ্ধকৰ পৰিৱেশ! দেশত ধৰ্ম-সম্প্ৰদায়ৰ ভিত্তিত হোৱা বিভাজনে বেছিভাগ লোককে ব্যথিত কৰিছে। অলেখ ধৰ্ম-সম্প্রদায়, জাতি-জনগোষ্ঠীৰে পৰিপুষ্ট ভাৰতৰ মূল শক্তিয়েই হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্য।
কিন্তু ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে দেশবাসীৰ মাজত বিভাজনৰ সৃষ্টি কৰি ঘৃণাৰ পৰিৱেশ গঢ়ি তোলাৰ অপচেষ্টা চলোৱা হৈছে। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰৰূপে পৰিগণিত হ’লে দেশৰ নাগৰিকসকলৰ জীৱন যাত্ৰালৈ আমূল পৰিৱৰ্তন আহিব বুলি নিশ্চিতি দিব পাৰি নে?
তেতিয়া মুছলমানসকলক গতিয়াই নি আৰৱ সাগৰত দলিয়াই দিয়াটো সম্ভৱ হ’ব নেকি! সেয়া যিহেতু সম্ভৱ নহয়, সেয়েহে ভাৰতৰ সামগ্রিক বিকাশৰ বাবে ধর্ম-বর্ণ-গোষ্ঠী নির্বিশেষে প্রতিজন নাগৰিকৰ মৌলিক প্রয়োজনীয়তাসমূহ পূৰণ কৰি সকলোকে বিকাশৰ সুযোগ প্রদান কৰাটোহে লক্ষ্য আৰু কৰ্মসূচী হোৱা বাঞ্ছনীয়।
তাৰ পৰিৱৰ্তে কেৱল।হিন্দু-মুছলমান কৰি ভোট লাভ কৰাটো সম্ভৱ হ’লেও এখন সুস্থ সমাজ গঢ়ি তোলাটো সম্ভৱ হ’ব বুলি আশা কৰিব নোৱাৰি। লক্ষ্যণীয় যে উত্তৰ ভাৰতকে ধৰি কে’বাখনো ৰাজ্যত গো-মাংস ভক্ষণ নিষিদ্ধ কৰি ইয়াৰ বিক্ৰী, সৰবৰাহ আদিত জড়িত থকাৰ সন্দেহত কে’বাজনো লোকক মৰিয়াই হত্যা কৰা হৈছে।
আন বহুতৰ বিৰুদ্ধে সংশ্লিষ্ট আইনৰ অধীনত গোচৰ ৰুজু কৰি কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে; অথচ একে সময়তে উত্তৰ-পূবৰ ৰাজ্যত নিৰ্বাচন জয়ৰ উদ্দেশ্যে গো-মাংসৰ ব্যৱহাৰত কোনো ধৰণৰ বাধা নিষেধ অথবা আপত্তি নাই বুলি ঘোষণা কৰা হৈছে।
এনে ধৰণৰ কাৰ্যকলাপ আত্মপ্ৰতাৰণাৰ নামান্তৰ মাথোঁ। শেহতীয়া সময়ছোৱাত দেশৰ অন্যতম শক্তিশালী প্রধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে স্বীকৃতি লাভ কৰিছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ ধ্বনিৰে তেওঁ ঐক্যবদ্ধ বিকাশৰ পোষকতা কৰিছে যদিও কার্যক্ষেত্ৰত তাৰ প্ৰতিফলন পৰিলক্ষিত হোৱা নাই; বৰঞ্চ এই সময়ছোৱাত ধৰ্ম-সম্প্ৰদায়ৰ নামত বিভাজনে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
ইয়াৰ আঁৰত কোনো গোপন কর্মসূচী নিহিত হৈ আছে নে প্রধানমন্ত্রী মোদীৰ ধ্বনি সমাজৰ সৰ্বস্তৰলৈ বিয়পি পৰা নাই, সেয়াহে বিচার্য। ৰাজনৈতিক ক্ষেত্ৰতো কেৱল ক্ষমতা দখলেই একমাত্র লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। সমাজৰ হকে কাম কৰাৰ উদ্দেশ্যে ৰাজনীতিত প্ৰৱেশৰ ধাৰণা কোনোবা যুগতে অতীত হৈ গ’ল।
এনে প্ৰক্ৰিয়া যে সাম্প্রতিক বিজেপি দল আৰু চৰকাৰৰ সময়তে আৰম্ভ হৈছে, সি নহয়; কিন্তু শেহতীয়া সময়ছোৱাত যে ই অভূতপূর্ব পৰ্যায়ত উপনীত হৈছে, তাকো অস্বীকাৰ কৰাৰ উপায় নাই। আন বাদেই, উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ চলিত বিধানসভা নিৰ্বাচনত যি অভাৱনীয় হাৰত ধন ব্যয় কৰা হ’ল, সিয়ে পৰৱৰ্তী চৰকাৰখনক দুর্নীতিমুক্ত কৰিব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।
যি ত্ৰিপুৰাত মাথোঁ কেই হেজাৰমান টকাৰে একো একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেইখন ৰাজ্যত এইবাৰ শাসক দলে প্রতিজন প্ৰাৰ্থীৰ বিপৰীতে কমেও দুই কোটিকৈ টকা ব্যয় কৰা বুলি চৰ্চিত হৈছে। এই বিপুল ব্যয়ৰ বাবে ধন কিদৰে সংগ্ৰহ কৰা হ’ল,তাৰ উত্তৰ ৰাইজে নজনাকৈ থকা নাই।
গতিকে তেনে এক প্রেক্ষাপটত দুৰ্নীতি নিৰ্মূলৰ ধ্বনি দিয়াটো ভণ্ডামিৰ বাহিৰে আন একো হ’ব নোৱাৰে। তাতোকৈ বিপজ্জনক হৈছে,চৰকাৰ গঠনৰ জোখাৰে নিজ দলৰ বিধায়ক নির্বাচিত নহ’লে আন দলক ধন আৰু ভাবুকিৰে ভাঙি আনি চামিল কৰি লোৱাৰ ধাৰাটো। সম্প্ৰতি ইয়াক ক্ষমতা দখলৰ এক নতুন নীতিৰূপে গ্রহণযোগ্য কৰি তোলা হৈছে।
দেশৰ আৰ্থিক বৈষম্যই দিনে দিনে কি গুৰুতৰ ৰূপ ধাৰণ কৰিছে সেই বিষয়ে পূর্বতে বিশ্লেষণ দাঙি ধৰা হৈছে। চৰকাৰৰ নীতিসমূহ এনেদৰে প্ৰস্তুত কৰা হৈছে, যাতে মুষ্টিমেয় এচাম পুঁজিপতি ইয়াৰ দ্বাৰা উপকৃত হয়। সেই বাবেই এচাম ধনী অধিক ধনী হোৱাৰ বিপৰীতে দেশৰ ৮০ কোটি জনতাই চৰকাৰে যোগান ধৰা বিনামূলীয়া খাদ্যৰ ওপৰত জীয়াই থাকিব লগা হৈছে।
এচামৰ বাবে চৰকাৰে পৰিৱেশ নীতি, শ্রমিক নীতি, কৰ নীতি সকলোতে শিথিলতা অৱলম্বন কৰাৰ ফলত ই অধিক ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে। এনে ক্ষেত্ৰত বৈষম্য হ্ৰাস কৰি এখন সুষম সমাজ গঢ়ি তুলিবলৈ ভাৰতক আজি কোনে পথ প্ৰদৰ্শন কৰিব?
মহাত্মা গান্ধীয়ে পৰিৱেশ ধ্বংস কৰি নহয়, পৰিৱেশ ৰক্ষা কৰিহে সকলোৰে উপাৰ্জনৰ বাবে এটা সন্তুলিত ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰিছিল। তেওঁ উৎপাদনৰ বিৰোধী নাছিল, কেৱল পৰিৱেশ ধ্বংসকাৰী উদ্যোগ স্থাপনৰহে বিৰোধী আছিল। সেই বাবেই গান্ধীজীয়ে কুটীৰ আৰু ক্ষুদ্ৰ শিল্পৰ বিকাশত জোৰ দিছিল।
কেন্দ্রীভূত শাসনৰ সলনি বিচাৰিছিল গ্ৰাম্য স্বৰাজ। ব্যাপক প্ৰদূষণ সৃষ্টিৰে জলবায়ু বিনষ্ট কৰা বৃহৎ উদ্যোগৰ কুপৰিণতিক লৈ আজি সমগ্ৰ বিশ্ব শংকিত হৈছে। দুর্নীতিয়ে দেশত আনুষ্ঠানিকতা লাভ কৰাৰ সময়তো মোদীয়ে প্রধানমন্ত্রী পদত উপবিষ্ট হৈ ‘নাখাওঁ আৰু খাবলৈ নিদিওঁ” বুলি ধ্বনি দিছিল যদিও কার্যক্ষেত্ৰত দুর্নীতি-অনিয়ম হ্রাস পাইছে বুলি কোনেও বিশ্বাস নকৰে।
শেহতীয়াভাৱে গৌতম আদানী নেতৃত্বাধীন আদানী গোষ্ঠীৰ বৃহৎ আর্থিক দুর্নীতি-প্ৰৱঞ্চনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ সংস্থাটোৱে উদঙাই দিয়াৰ প্ৰসংগত প্রধানমন্ত্রী মোদী আৰু তেওঁৰ চৰকাৰে দেশবাসীক আশ্বস্ত কৰিব নোৱাৰিলে।
কেতবোৰ মহলে আদানী গোষ্ঠীৰ বিৰুদ্ধে বিগত সময়ছোৱাত অভিযোগ উত্থাপন কৰি আহিছে যদিও চৰকাৰে সেইবোৰলৈ কেতিয়াও কাণসাৰ কৰা নাই।আদানী প্রধানমন্ত্রী মোদীৰ ব্যক্তিগতভাৱে ঘনিষ্ঠ বুলি চৰ্চিত হৈ আহিছে। হিণ্ডেনবাৰ্গৰ প্রতিবেদনে বিশ্বজুৰি আদানী গোষ্ঠীৰ বিৰুদ্ধে হাহাকাৰৰ সৃষ্টি কৰাৰ পাছতো এই কৰ্প’ৰেট সংস্থাটোৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰিলে চৰকাৰে।
বিৰোধীয়েও সংসদৰ ভিতৰে-বাহিৰে পৰ্যাপ্ত তথ্যসহ প্রধানমন্ত্ৰীৰ বিৰুদ্ধে আদানীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। তৎসত্ত্বেও তদন্ত বাদেই, এই সম্পর্কত প্রধানমন্ত্রীয়ে কোনো বক্তব্যই দাঙি নধৰিলে।নিৰ্বাচনত জয়ৰ দ্বাৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰত্যুত্তৰ দি থকা হৈছে বুলিও মোদীয়ে প্ৰকাৰান্তৰে মন্তব্য কৰাটো লক্ষ্যণীয়।
ইয়াৰ অৰ্থ নিৰ্বাচনত জয়ী হ’লেই দুর্নীতি-অনিয়ম আদিৰ অভিযোগ আপোনা-আপুনি নাইকিয়া হৈ যোৱাটোকে বুজায় নিশ্চয়! সামাজিক বিশৃংখলা আৰু মূল্যবোধৰ অৱক্ষয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। ধন-সম্পদ-যৌন লালসাই
সকলো সীমা অতিক্ৰম কৰি এখন মনুষ্যত্বহীন সমাজ গঢ়ি তুলিছে।
ই আমাক ক’লৈ নি আছে কোনেও নাজানে। যেন লক্ষ্য-উদ্দেশ্যৰ বিষয়ে নিশ্চিত নোহোৱাকৈয়ে সকলোৱে কেৱল উধাতু খাই দৌৰিছে। আমি ক’ত ৰ’ব লাগিব— কোনে দেখুৱাই দিব? আমাৰ তথাকথিত নেতাসকল নিজেই এই দৌৰত আগভাগ লৈ আজিৰ পৰ্যায়ত উপনীত হৈছে। গতিকে তেওঁলোকে নিজে দৌৰিব আৰু আনক দৌৰিবলৈ পৰামৰ্শ দিব পাৰে— ক’ত কেতিয়া ৰ’ব লাগিব সেই ধাৰণা তেওঁলোকৰো নাই।
সেই বাবেই তেওঁলোক ক্ষমতা দখলত সক্ষম নেতাহে, পথ প্রদর্শক নহয়। বিড়ম্বনা এয়ে যে বৌদ্ধিক বা সামাজিক ক্ষেত্ৰতো তেনে সর্ব গ্রহণযোগ্য ব্যক্তিৰ অভাৱ। একাংশ পক্ষপাতদুষ্ট আৰু আন একাংশৰ সততা সন্দেহৰ ঊর্ধ্বত নহয়। মুষ্টিমেয় সৎ আৰু নিৰপেক্ষ তেনে ব্যক্তিক শাসক গোষ্ঠীয়ে বিভিন্ন ধৰণে চাপত ৰাখিছে অথবা তেওঁলোক ক্ৰমশঃ অচল মুদ্ৰাত পৰিণত হৈছে। এনে পৰিপ্ৰেক্ষিতত গেলিবলৈ ধৰা সমাজখনক সুস্থ কৰি তুলিবলৈ পথ দেখুৱাব কোনে?