CID Arrested In Seba Employed: মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলক লৈ চিআইডিৰ মাৰাথন অভিযান

গুৱাহাটীত ছেবাৰ কৰ্মচাৰীসহ তিনিজনক গ্ৰেপ্তাৰ

3e6cb056 2866 42cf 98cb fde1172307b1

CID Arrested In Seba Employed :

ৰাজ্যৰ সৰ্বত্ৰে বহু চৰ্চিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল কাণ্ড সম্পৰ্কতচি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ছেবাৰ কৰ্মচাৰী সহ দুই শিক্ষক- শিক্ষয়িত্ৰীক।চি আই ডিৰ জালত পৰা ছেবাৰ কৰ্মচাৰীজন হ’ল চিত্ৰ ৰয়। তেওঁৰ ছেবাৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন দুগৰাকী হ’ল মহানগৰীৰ কাহিলিপাৰীস্থিত ভাউৰীদেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়ত্ৰী জ্যোতিৰেখা বৰগোহাঁই৷তেওঁ বিদ্যালয় খনৰ মেট্ৰিক পৰীক্ষাৰ নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ৷ আন গৰাকী হ’ল বিদ্যালয় খনৰে বিষয় শিক্ষক হেৰম্ব কুমাৰ দাস ৷

উল্লেখ্য যে,চি আই ডিয়ে সোমবাৰে আবেলি তিনিওকে জেৰা চলাইছিল। জেৰাৰ অন্তত জ্যোতিৰেখা বৰগোহাঁইক ৰখা হৈছিল পাণবজাৰ মহিলা আৰক্ষী থানাত ৷ ওৰে নিশা অনুসন্ধান সন্থাটোৱে বাকী কেইজনক লৈ চলাইছিল চি আই ডিয়ে অভিযান ৷

উদ্থাপিত অভিযোগ অনুসৰি কাহিলিপাৰীস্থিত ভাউৰীদেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ পূৰ্বে অন্তধাৰ্ন হৈছিলএটা প্ৰশ্ন কাকতৰ টোপোলা। টোপোলাটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত উদ্ধাৰত ব্যৰ্থ হয়।

চি আই ডিৰ জেৰাত ধৃত লোক কেইগৰাকীৰ ভাষ্য যথেষ্ট অমিল হোৱাত আৰক্ষীয়ে পুনৰ তৎপৰ হৈ পৰে ৷আনহাতে প্ৰশ্নকাকত ফাদিলৰ স’তে পোনপটীয়াকৈ সাঙোৰ খাই পৰাত ছেবাৰ কৰ্মচাৰী সহ দুই শিক্ষক- শিক্ষয়িত্ৰীক আৰক্ষীয়ে সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version