Dhemaji Student :মেট্ৰিকত গণিত বিষয়ৰ পৰীক্ষাত নকল কৰি বহিস্কৃত ছাত্ৰৰ বিস্ফোৰণ স্বীকাৰোক্তি

গণিত বিষয়ৰ প্ৰশ্ন কাকতো ফাদিল হৈছিল !

WhatsApp Image 2023 03 14 at 12.52.26

Dhemaji Student :

ছাত্ৰ-ছাত্ৰী ভৱিষ্যতক লৈ হেতালি খেলা ছেবাৰ অকমন্যতাৰ বহু তথ্য শেহতীয়াকৈ আহিছে পোহৰলৈ ৷ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এই বাৰ পুনৰ আন এক ভয়ংকৰ স্বীকাৰোক্তি দিছে মেট্ৰিকৰ এজন বহিস্কৃত ছাত্ৰই ৷

কেৱল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱা নাছিল। ফাদিল হৈছিল গণিত বিষয়ক প্ৰশ্ন কাকতো ৷ একাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল গণিত বিষয়ক প্ৰশ্ন কাকত।

এই চাঞ্চল্য স্বীকাৰোক্তি প্ৰদান কৰিছে ধেমাজিৰ এজন ছাত্ৰই ৷ ইয়ে শিক্ষামন্ত্ৰী আৰু ছেবাৰ নগ্ন ৰূপটো পুনৰ উন্মোচিত কৰিছে ৷ অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক।

উল্লেখ কৰিব পাৰি যে,স্বীকাৰোক্তি দিয়া ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্ত ইতিপূৰ্বে হৈ যোৱা গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক নিৰিক্ষকে বহিষ্কাৰ কৰিছিল পৰীক্ষা গৃহৰ পৰা।

কিন্ত দেওবাৰে বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ছেবাই নিশাই বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলৰ ঘোষণা কৰি সোমবাৰে বিয়লী পুনৰ পৰীক্ষা দিন ৩০ মাৰ্চ ঘোষণা কৰে ৷

ইফালে ৰাজ্য চৰকাৰে এই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চি আই ডিত ৷

ইতিমধ্যে তদন্ত কাৰী সন্থাটোৱে সোমবাৰে ওৰে নিশা গুৱাহাটী সহ ভিন্ন প্ৰান্তত অভিযান চলাই ২২ জনক আটক কৰে ৷গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰী সহ আন এজন শিক্ষক সহ তিনিজন গ্ৰেপ্তাৰ কৰিছে ৷

আনহাতে গণিত পৰীক্ষাৰ দিনা পৰীক্ষাৰ পূৰ্বে ধেমাজিৰ বহিস্কৃত ছাত্ৰজনে হোৱাটছএপ গ্ৰুপ এটাত পোৱা মুঠ পঞ্চাশ নম্বৰৰ ৪৫ নম্বৰৰ নকল প্ৰস্তুত কৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰিছিল ৷ পৰীক্ষা গৃহত পোৱা প্ৰশ্নকাকত খন তেওঁ হোবাটছএপৰ জৰিয়তে পোৱা কাকত খনৰ হুবহু মিল আছিল ৷

কিন্ত নকল কৰোতেই ধৰা পৰাৰ পাছত বিদ্যালয় খনৰ অধ্যক্ষই কৰা জেৰাত তেওঁ পোৱা হোৱাটছএপ গ্ৰুপটোৰ কথা সদৰি কৰিছিল ৷ আনকি এই বিষয়টো লিখিত ভাৱেই সংশ্লিষ্ট পক্ষক লিখিত ভাৱে অৱগত কৰিছিল।

ধেমাজী বহিস্কৃত ছাত্ৰজনৰ এই বিস্ফোৰক স্বীকাৰোক্তিয়ে চলিতবৰ্ষৰ হাইস্কুল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো অধিক ৰহস্যাম্বিত কৰি তুলিছে ৷পৰীক্ষা আটাইবোৰ বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ সন্দেহ ঘনীভূত হৈ পৰিছে ৷

উল্লেখ্য যে,ছেবাৰ এটা দুষ্ট চক্ৰই ধনৰ লোভত পৰীক্ষাৰ সময়ত এই ধৰণৰ কামকাজ কৰি আহিছে ৷ এনে প্ৰেক্ষাপটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত কৰি থকা চি আই ডিয়ে ধেমাজীৰ বহিস্কৃত ছাত্ৰজনৰ বহি আৰু নকল পৰীক্ষা কৰি ছাত্ৰজনক তদন্ত আওতালৈ আনিলে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে ৷

Exit mobile version