Longest Railway Platform: বিশ্বৰ সৰ্ববৃহৎ ৰে’লৱে প্লেটফৰ্ম খনে গঢ়িছে বিশ্ব অভিলেখ

ক'ত আছে ৰে'লৱে প্লেটফৰ্ম খন !

d0090132 3610 4ecf 9e1c d490e7b8e287

Longest Railway Platform :

ভাৰতীয় ৰে’লৱে আন এক অভিলেখ স্থাপন কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় ।ভাৰতীয় ৰে’লৱে বিশ্বৰ সৰ্ববৃহৎ আৰু দীৰ্ঘতম প্লেটফৰ্ম নিৰ্মাণ কৰিছে। এই প্লেটফৰ্ম খন আছে কৰ্ণাটকত হুবলি ৰে’ল ষ্টেচনত।

এই ষ্টেচনটিৰ সম্পূৰ্ণ নাম শ্ৰী সিদ্ধুদ্ধ স্বামীজী হুবলি ষ্টেচন। এই ষ্টেচনটো ২০.১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শীঘ্ৰেই এই ষ্টেচনটো দেশলৈ উৎসৰ্গিত কৰিব। উল্লেখ্য যে, হুবলিক কৰ্ণাটকৰ অন্যতম বাণিজ্যিক চহৰ ৰূপে গণ্য কৰা হয়।

হুবলি ৰে’ল ষ্টেচনতে নতুনকৈ কৰা নিৰ্মাণ কৰা হৈছে সৰ্ববৃহৎ ১৫০৭ মিটাৰ দীৰ্ঘতম ৰে’লৱে প্লেটফৰ্ম৷ভাৰতীয় ৰে’লৱে হুবলি ষ্টেচনত শেহতীয়াকৈ তিনিটা নতুন প্লেটফৰ্ম নিৰ্মাণ সম্পন্ন কৰিছে । ষ্টেচনটোত ইয়াৰ পূবে আছিল পাঁচখন প্লেটফৰ্ম । কিন্ত শেহতীয়াকৈ তিনিটা নতুন প্লেটফৰ্মৰ নিৰ্মাণৰ পাছত ইয়াৰ সংখ্যা হয়গৈ আঠটা ৷

আঠ নম্বৰৰ নতুন প্লেটফৰ্ম খনেই হৈছে দৈঘ্য ১৫০৭ মিটাৰ ৷ যিয়ে বিশ্বৰ আটাইতকৈ দীঘল ৰেল প্লেটফৰ্মৰ স্থান লাভ কৰিছে ৷ এই প্লেটফৰ্মৰ ইমানেই দীঘল যে প্লেটফৰ্ম খনত একে সময়তে দুখন ৰে’ল ৰখাব পাৰি।উল্লেখ্য যে,ইয়াৰ পূৰ্বে বিশ্বৰ সৰ্ববৃহৎ দীৰ্ঘতম ৰে’লৱে প্লেটফৰ্ম খন আছিল উত্তৰ প্ৰদেশৰ গোৰখপুৰ ৰে’ল ষ্টেচনত৷

কিন্ত কৰ্ণাটকৰ হুবলিৰ নতুন প্লেটফৰ্মে বিশ্বৰ দীৰ্ঘতম প্লেটফৰ্মৰ স্থান লাভ কৰি বিশ্ব অভিলেখ গঢ়াৰ পাছত এতিয়া গোৰখপুৰ ৰে’ল ষ্টেচন দ্বিতীয় স্থানলৈ অৱনমিত হয়। গোৰখপুৰ ষ্টেচনৰ প্লেটফৰ্মৰ দৈৰ্ঘ্য১৩৬৬.৩৩ মিটাৰ ৷

Exit mobile version