Rajesh Jalan :
বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাগ্সাৰ শালবাৰীৰ বাঁহবাৰীস্থিত ফাতেমাবাদ চাহ বাগিছাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ চাহ বাগিছাখনৰ পৰিচালক ৰাজেশ জালানে বাগিছাৰ শ্ৰমিকসকলক লৈ কৰি অহা বিভিন্ন অনিয়ম, দম-দাদাগিৰিৰ প্ৰতিবাদত দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছিল চাহ শ্ৰমিকসকলে ৷
যিয়ে আজি পালে চূড়ান্ত ৰূপ ৷ বাগিছাৰ শ্ৰমিকসকলক পিএফৰ ধন মোকোলাই নিদিয়া, পূৰ্বৰ পাবলগীয়া কোনো টকা আদায় নিদিয়া,চাহ শ্ৰমিক সকলক ছুটি নিদিয়া,প্ৰাপ্য মজুৰি সময়মতে আদায় নিদিয়া,চাহ শ্ৰমিক সকলৰ ওপৰত বিভিন্ন ক্ষেত্ৰত শোষণ নীতি চলাই অহাকে ধৰি মফিজুদ্দিন নামৰ এজন ঠিকাদাৰৰ হতুৱাই ৰাজেশ জালানে জধে-মধে বাগিছাৰ গছ কটা আদি কাৰ্যৰ বিৰুদ্ধে গৰজি উঠে চাহ শ্ৰমিকসকলে ৷
ফাতেমাবাদ চাহ বাগিছাৰ কাৰ্যালয় চৌহদত হাতে হাতে বেনাৰ,প্লে কাৰ্ড লৈ চাহ শ্ৰমিকৰ প্ৰাপ্য আদায় দিবই লাগিব,মালিক কৰ্তৃপক্ষৰ দাদাগিৰি নচলিব,চাহ বাগিছাৰ মেনেজাৰ ৰাজেশ জালান মুৰ্দাবাদ,জালান হাটাও বাগান বাচাও,যেতিয়ালৈকে জালানগিৰি আৰু ঠিকাদাৰগিৰি চলিব তেতিয়ালৈকে আন্দোলন চলিয়ে থাকিব আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে বাগিছাৰ শ্ৰমিক সকলে ৷
পৰৱৰ্তী সময়ত আজি চাহ বাগিছাখনৰ ফেক্টৰী, কাৰ্যালয়, ৰাজেশ জালানৰ নিজা কাৰ্যালয়, মেনেজাৰ,মহৰিৰ বাংলো সকলোতে শ্ৰমিকসকলে তলা লগাই দিয়ে ৷
উল্লেখযোগ্য যে সুৰা মাফিয়া খ্যাত ৰাজেশ জালানক বাগিছাৰ পৰা আঁতৰ নকৰা পৰ্যন্ত চাহ শ্ৰমিকসকলে বাগিছাৰ সকলো কাম-কাজ বন্ধ ৰাখিব আৰু তলা খুলি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে ৷
ইফালে বাগিছাখনৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সমাধানত কোনো গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদকল্পে শ্ৰমিকসকলে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু পিএফ কমিছনাৰ সুৰজিৎ দাসৰো পুত্তলিকা দাহ কৰে ৷






























