BTR BJP:
বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত বিজেপিত মোক্ষম আঘাত । বিজেপিৰ শিৱনাথ ব্ৰহ্মই বিজেপি ত্যাগ কৰি যোগ দিলে বিপিএফত । শিৱনাথ ব্ৰহ্ম বিজেপিৰ জ্যেষ্ঠ নেতা হোৱাৰ উপৰিও বিজেপি এছটি মৰ্চাৰো সভাপতি আছিল ।
আজি বাক্সা জিলাৰ বৰমাৰ অনুষ্ঠিত হোৱা বিপিএফৰ ৯০ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত শিৱনাথ ব্ৰহ্মই যোগদান কৰে বিপিএফত | পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অধিক শক্তিশালী ৰূপত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ । ইউপিপিএল- বিপিএফৰ মিত্ৰতাত ইউপিপিএলেহে হেমাহি কৰিছে । প্ৰমোদ বড়োৰ ২ লাখটকীয়া চেকক ভুৱা আখ্যা হাগ্ৰামাৰ ।
২ লাখ টকা ২ মাহ পিছত এয়া কি আঁচনি বুলিও মন্তব্য হাগ্ৰামাৰ । অখিল গগৈ উজনিৰ মানুহ , বিটিচিত কি কাম। বিপিএফৰ হৈ প্ৰচাৰ চলাবলৈ অখিলক আমন্ত্ৰণ হাগ্ৰামাৰ । হাগ্ৰামাই উচ্ছেদ নিবিচাৰে’ শাসনলৈ আহিলে এই বিষয়টো ভালকৈ চাব ।






























