Assam Cabinet In janata Bhawan : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

6a866be8 06eb 4428 aded 7957d86a58c3

Assam Cabinet In janata Bhawan :

আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সিদ্ধান্ত সমূহ হ’ল এ পি জি চি এল আৰু অইলৰ যুটীয়া উদ্যোগত সেউজ শক্তি প্রকল্প (৬২০ মেগাৱাটসম্পন্ন) ৰূপায়ণৰ বাবে নীতিগত অনুমোদন জনোৱা হয় । আনহাতে কেবিনেটে বিভিন্ন জিলাত সাতটা সেউজ শক্তি প্রকল্প ৰূপায়ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি ৭০ মেগাৱাটসম্পন্ন সোণবিল ওপঙা সৌৰ শক্তি প্রকল্প ১০০ মেগাৱাটসম্পন্ন তেজপুৰ এগ্রিভন্টেইক প্রকল্প৷

৪০ মেগাৱাট সম্পন্ন গোলাঘাটত ওপঙা সৌৰ শক্তি প্রকল্প৷ ২০০ মেগাৱাট সম্পন্ন মাৰ্ঘেৰিটাত সৌৰ শক্তি প্রকল্প ৷৫০ মেগাৱাট সম্পন্ন নামনি কপিলী এগ্রিভল্টেইক প্রকল্প ৷ সৌৰ শক্তি প্ৰকল্পৰ সৈতে ৬০ মেগাৱাট সম্পন্ন চন্দ্ৰপুৰত পি এছ পি৷

ইয়াৰোপৰি ১০০ মেগাৱাট সম্পন্ন বটদ্রৱা এগ্রিভন্টেইক প্রকল্প ৰূপায়ণত অনুমোদন জনোৱা হয়। প্রকল্পসমূহৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত কোনো দায়বদ্ধতা নোহোৱাকৈ ৮০ অনুপাত ২০ ঋণ ইকুইটিত পুঁজি যোগান ধৰা হ’ব ৷ ইয়াৰ উপৰি এই প্ৰকল্পসমূহে তলত দিয়াধৰণে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷

কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি প্রায় ১২৫ টা ক্ষুদ্র উৎপাদক সংস্থা আৰু ১২৫০ গৰাকী কৃষক আৰু তেওঁলোকৰ পৰিয়ালসমূহো এগ্রিভল্টেইক প্ৰকল্পৰ দ্বাৰা উপকৃত হ’ব। একেদৰে ৰাজ্য খনৰ ডিমা হাচাও, নগাঁও, শোণিতপুৰত প্রস্তাৱিত এগ্রিভল্টেইক প্রকল্পই সেই জিলাসমূহৰ বহনক্ষম অর্থনৈতিক বিকাশত সহায় কৰিব৷

কেবিনেট বৈঠকে এ পি ডি চি এলক বিদ্যুৎ বিক্ৰীৰ বাবে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ অধীনৰ খুদিগাঁও (অংশ-২)ত ৭০ মেগাৱাটসম্পন্ন সৌৰ শক্তি প্রকল্প স্থাপনত অনুমোদন জনায় ৷ প্রস্তাবিত সৌৰ শক্তি প্ৰকল্পটো সৌৰ শক্তি জেনেৰেটৰৰ দ্বাৰা বিল্ড-তা উন-অপাৰেট মোডত বিকশিত কৰা হ’ব ৷

আনহাতে বিমান সেৱা উন্নীতকৰণত কেবিনেট অধিক গুৰুত্ব দি উড়ান (UDAN) সংযোগ নোহোৱা আকাশী পথত কম খৰচী বিমান সেৱা চলাচলৰ পদক্ষেপ লয় কেবিনেটে ৷

কেবিনেটে এ টি ডি চিয়ে ফ্লাইবিগ এয়াৰলাইনৰ স’তে বুজাবুজি চুক্তি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি প্রথম পৰ্যায়ত তিনি মাহৰ বাবে পৰীক্ষা ভিত্তিত ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ পথত এনে বিমান সেৱা চলিব আৰু ক্ৰমান্বয়ে এই সেৱাই অন্যান্য গুৰুত্বপূর্ণ পথসমূহকো সংযোগ কৰিব৷

উল্লেখ্য যে,বিমান সংস্থাই বজাৰ মূল্যত টিকট বিক্ৰী কৰিব, আৰু উচ্চ চাহিদাৰ সময়তো মূল্য ৪৫০০ টকাৰ অধিক হ’ব নোৱাৰিব বুলি কেবিনেটে স্পষ্ট কৰে ৷ ৰাজ্য চৰকাৰে এনে বিমান সেৱা পৰিচালনাৰ বাবে এ টি ডি চিৰ জৰিয়তে ভায়েবিলিটী গেপ ফাণ্ডিং (ভি জি এফ) প্রদান কৰিব৷

ইপিনে মহাবিদ্যালয়সমূহত সুশৃংখলিত নিযুক্তি সম্পৰ্কত কেবিনেট লোৱা সিদ্ধান্ত অনুসৰি মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু সহকাৰী অধ্যাপক নিৰ্বাচনৰ বাবে গঠন কৰা হ’ব অসম মহাবিদ্যালয় সেৱা নিযুক্তি ব’ৰ্ড ৷

কেবিনেটে ভূমি অধিগ্ৰহণৰ বাবে ন্যায্য ক্ষতিপূৰ্ণ গুণন কাৰকসমূহৰ যুক্তিসংগতকৰণ আৰু নগৰীয়া অঞ্চলৰ সংজ্ঞাৰ পৰ্যালোচনাৰ বাবে অসমৰ ন্যায্য ক্ষতিপূৰণৰ অধিকাৰ আৰু ভূমি অধিগ্রহণ, পুনর্বাসন আৰু পুনৰ সংস্থাপনৰ নিয়ম, ২০১৫’ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে ৰাজ্য কেবিনেটে ছাফাই কৰ্মচাৰীৰ নিয়োগ সুশৃংখলিতকৰণ প্ৰতি অধিক গুৰুত্বআৰোপ কৰি মেনুৱেল স্কেভেঞ্জাৰ হিচাপে নিয়োগ নিষেধাজ্ঞা আৰু তেওঁলোকৰ পুনর্বাসন আইন, ২০১৩ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে অসম ৰাজ্যিক আয়োগ গঠনৰ সিদ্ধান্ত লয় ।

Exit mobile version