Nagaon kampur Bridge Broken : নগাঁৱৰ কামপুৰত খহি পৰিল নিৰ্মিয়মান দলং, শ্ৰমিক গুৰুত্বৰভাৱে আহত তিনিজন শ্ৰমিক

ঠিকাদাৰ উত্তমচন্দ্ৰ নাহতা আৰু কাৰ্যবাহী অভিযন্তা হিতেন কলিতাৰ গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

WhatsApp Image 2023 03 16 at 19.49.45

Nagaon kampur Bridge Broken :

নগাঁৱৰ কামপুৰত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ খহি পৰিল কামপুৰৰ নৱ নিৰ্মিত কপিলী দলঙখন ৷ দলংৰ পৰা পৰি গুৰুত্বৰভাৱে আহত তিনিজনকৈ শ্ৰমিক ৷ সংকটজনক অৱস্থাত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ ৷ দলঙৰ তলত আৰু বনুৱা থকাৰ সন্দেহ ৷

নিম্ন মানৰ সামগ্ৰীৰে দলং নিৰ্মানৰ অভিযোগ ৰাইজৰ ৷ দলং নিৰ্মানৰ দায়িত্বত থকা ঠিকাদাৰ উত্তম চন্দ্ৰ নাহতাৰ সকলো কৰ্মচাৰীৰ পলায়ন

স্থানীয়লোকে জনোৱা মতে ৭জন শ্ৰমিকে কাম কৰি আছিল দলঙখনত। উল্লেখ্য যে ঠিকাদাৰ উত্তম চন্দ্ৰ নাহাতাই ২০ কোটি টকাৰ ব্যয়ৰে ২০১৯ত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল এই নৰ্ব নিৰ্মিত দলঙখন।

এই সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে নাহাতা কোম্পানীক ব্লেক লিষ্ট কৰাৰ দাবী তোলে দল সংগঠনে। লগতে বিভাগীয় কৰ্তৃপক্ষ তথা লোক নিৰ্মাণ বিভাগৰ নগাঁও,বঢ়মপুৰ আৰু ৰূপহীহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিতেন কলিতাৰ গ্ৰেপ্তাৰ দাবী জনায়।

উল্লেখ্য যে,কাৰ্যবাহী অভিযন্তা হিতেন কলিতাৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগত বিগত বৰ্ষৰ ১ জুলাইত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত- সচিব ৰাজেশ কেম্পাই এক তদন্তৰ ঘোষণা কৰিছিল ৷

এনে প্ৰেক্ষাপটত কামপুৰত নিৰ্মিয়মান দলং খহি পৰা কাৰ্যই পুনৰ উন্মোচিত কৰিছে দলং খন নিৰ্মাণত ব্যৱহ্ত হৈছে নিম্নমানৰ সামগ্ৰী ৷

Exit mobile version