Child Kidnapping In Guwahati :মহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

ঘৰৰ চোতালত খেলি থকা স্থানৰ পৰাই অপহৰণ দুই শিশু অৱস্থাতে

WhatsApp Image 2023 03 17 at 14.08.16

Child Kidnapping In Guwahati :

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তেতেলীয়াৰ পৰা দুই শিশু অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ঘৰৰ চোতালত খেলি থকা সময়তে শিশু দুটিক অপহৰণকাৰীয়ে লৈ উধাও হয় ৷

এখন মাৰুতি ৱাগেনাৰ গাড়ীত আহিছিল অপহৰণকাৰী ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ(৯) আৰু অজিত কুমাৰ(৪)। শিশু দুটিৰ পিতৃৰ নাম মদন ৰয় ৷ ইতিমধ্যে মহানগৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

অপহৃত শিশু দুটিৰ পিতৃয়ে আৰক্ষীক দিয়া এজাহাৰত ৰাহুল আৰু চাজন নামৰ বিহাৰৰ দুই ব্যক্তিৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে ।

Exit mobile version