GMC :
দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰ খন পৰিস্কাৰ-পৰিছন্ন আৰু সৰ্বাংগসুন্দৰ কৰি তুলিবৰ বাবে গুৱাহাটী পৌৰ নিগমে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
সেই অনুসৰি এতিয়াৰে পৰা পৌৰ নিগমৰ অন্তৰ্গত দোকান- পোহাৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক নিজ নিজ প্ৰতিষ্ঠাৰ কাষত লেতেৰা কৰিবলৈ নিদিয়ে পৌৰ নিগমে ৷
দোকান- পোহাৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানে এতিয়াৰ পৰা নিজ নিজ প্ৰতিষ্ঠানৰ সন্মুখত ৰাখিব লাগিব ডাষ্টবিন ৷ এইয়া বাধ্যতামূলক কৰিছে নিগমে৷ এই নিয়ম উলংঘা কৰিলেই বিহা হ’ব জৰিমনা ৷
উল্লেখ্যে যে,মহানগৰীৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে মহানগৰ খন কদৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে ৷
কিন্ত শেহতীয়াকৈ জি এম চিৰ কঠোৰ স্থিতিয়ে গুৱাহাটী মহানগৰ খন স্বচ্চতাৰ ক্ষেত্ৰত এখোজ আগুৱাই যাব বুলি মন্তব্য কৰে সচেতন মহলে ৷