America : ৫৯৯ নাতি – পুতিৰে সুখৰ সংসাৰ ৯৮ বছৰীয়া বৃদ্ধাৰ

images 8

America :

ভাৰত বা চীনত বৃহৎ পৰিয়াল তেনেই স্বাভাৱিক।ইণ্ডোনেছিয়া, থাইলেণ্ড আদিতো বৃহৎ পৰিয়াল প্রত্যক্ষ হয়। কিন্তু আমেৰিকাত বৃহৎ পৰিয়ালৰ সংখ্যা তেনেই নগণ্য। এইখন আমেৰিকাতে আছে এনে এটা বৃহৎ পৰিয়াল যি পৰিয়ালত আছে ৫৯৯ জন নাতি-পুতি।

মাত্র ১৬ বছৰ বয়সতে এইগৰাকী মার্কিন মহিলাই বিবাহ হৈছিল। সেই সময়ত তেওঁৰ স্বামীৰ বয়স আছিল ৫০ বছৰ। স্বামীৰ প্ৰথমা পত্নীৰ ফালৰ পৰা আছিল ১০ টা সন্তান। পৰৱৰ্তী সময়ত মহিলাগৰাকী ১৩ টা সন্তানৰ মাতৃ হৈছিল।

এইদৰে পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পাইছিল। সম্প্রতি মহিলাৰ মুঠ নাতিৰ সংখ্যা হৈছে ১০৬ জন। এইসকল নাতি-নাতিনীৰ ইতিমধ্যে বিয়া হোৱাত আজো নাতিৰ মুখ দেখা পালে বৃদ্ধাই ।

৯৮ বছৰীয়া এই মহিলাৰ নাতি, আজো নাতিসহ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হৈছে ৫৯৯ গৰাকী। এইসকল নাতি-নাতিনীক লৈ সুখৰ সংসাৰ অব্যাহত ৰাখিছে মার্কিন মহিলাই।

অলপতে মহিলাৰ পৰিয়াললৈ আগমন ঘটিল ৫৯৯ সংখ্যক সদস্যৰ। সদ্যোজাত আজো নাতিক কোলাত লৈ হাঁহিমুখে ফটো উঠি সম্প্ৰতি এইদৰে সামাজিক মাধ্যমত চৰ্চিত হৈছে এইগৰাকী মার্কিন বৃদ্ধা।

Exit mobile version