Five Smallest Countries in the World : জানেনে বিশ্বৰ সবাটোকৈ ক্ষুদ্ৰ দেশ পাঁচখন কি !

Smallest Countries in the World by Area

Five Smallest Countries in the World :

চীন, ভাৰতৰ দৰে বৃহৎ দেশৰ কথা সকলোৱে ভালদৰে জানে। কিন্তু কিন্তু এই বিশ্বত থকা ক্ষুদ্ৰ দেশৰ কথা আপুনি কিমান জানে? আপুনি বাৰু জানে নে এই বিশ্বতে আছে এনে কে’বাখনো দেশ যাৰ জনসংখ্যা তেনেই নগণ্য। এনে দেশো আছে যিখন দেশৰ জনসংখ্যা এহেজাৰৰো তলত। হয়, অবিশ্বাস্য যেন লাগিলেও সত্য। বিশ্বৰ সবাতোকৈ কম জনসংখ্যাৰ অতি ক্ষুদ্র দেশ কেইখনমানৰ বিষয়ে তলত কিছু তথ্য উল্লেখ কৰা হ’ল—

ভেটিকান চিটি : ইটালীৰ ৰোমৰ মাজ ভাগত অৱস্থিত ভেটিকান চিটিৰ আয়তন মাত্র ০.৪৯ বর্গ মিটাৰ৷ ভেটিকান চিটিত বাস কৰে মাত্র ৮২৫ জন লোকে। দৰাচলতে ভেটিকান চিটি হৈছে খ্ৰীষ্ট ধৰ্মৰ গুৰু বা মুৰব্বী পোপৰ দেশ। ভেটিকান চিটিয়ে হৈছে বিশ্বৰ সবাতোকৈ ক্ষুদ্র দেশ। ভেটিকান চিটি এখন শান্তিপূর্ণ দেশ আৰু ইয়াৰ মুৰব্বী হৈছে পোপ।

ম’নাকো : ভূমধ্য সাগৰৰ উত্তৰ দিশত ফ্ৰান্স আৰু ইটালীৰ মাজ সমুদ্ৰৰে ঘেৰা দেশ হৈছে ম’নাকো ৷ এইখন দেশৰ আয়তন ২.০২ বর্গ কিলোমিটাৰ। ম’নাকোৰ জনসংখ্যা হৈছে ৩৬,৬৮৬ জন। ম’নাকো বিশ্বৰ দ্বিতীয়খন অতি ক্ষুদ্র দেশ হিচাপে পৰিচিত। প্রাকৃতিক সৌন্দৰ্যৰ বাবে বিশেষভাৱে পৰিচিত ম’নাকোত বিশ্বৰ বিভিন্ন দেশৰ ধনাঢ্য ব্যক্তিয়ে অৱসৰ বিনোদনৰ বাবে ভিৰ কৰি আহিছে। ম’নাকো অপৰূপ সৌন্দৰ্যৰে ভৰা আৰু দেশখন যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্ন।

নাউৰু : নাউৰু এখন দ্বীপ ৰাষ্ট্র। প্রশান্ত মহাসাগৰৰ বুকুত অষ্ট্ৰেলিয়াৰ পৰা ৪০০০ কিলোমিটাৰ উত্তৰ-পূৱত অৱস্থিত নাউৰু। এই দ্বীপ ৰাষ্ট্ৰখনৰ আয়তন মাত্র ২১ বর্গ কিলোমিটাৰ। ক্ষুদ্ৰ দেশখনৰ জনসংখ্যাও অতি সীমিত। পৰিসংখ্যা অনুসৰি, নাউৰুত মাত্র ৯,৭৭০ জন লোকে বাস কৰে। বিশ্বৰ সবাতোকৈ ক্ষুদ্র দেশৰ তালিকাত নাউৰুৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ক্ষুদ্র দ্বীপ ৰাষ্ট্ৰখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেও বিখ্যাত। পর্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ হৈছে নাউৰু।

টুভালু : বিশ্বৰ আন এখন অতি সৰু দেশ হৈছে টুভালু। দক্ষিণ প্রশান্ত মহাসাগৰৰ বুকুত অষ্ট্ৰেলিয়া আৰু হাৱাই দ্বীপপুঞ্জৰ মাজত অৱস্থিত এইখন ক্ষুদ্র দেশ। টুভালুৰ আয়তন হৈছে ২৬ বর্গ কিলোমিটাৰ। টুভালুত বসবাস কৰে ১১,৯২৫ জন লোকে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ টুভালু সদায়ে পৰ্যটকৰ প্ৰিয় এক গন্তব্য। বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ দেশৰ তালিকাত চতুর্থ স্থানত আছে টুভালু।

ছান মাৰিন’ : বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ দেশৰ তালিকাত পঞ্চম স্থানত থকা ছান মাৰিন, আন এখন অন্যতম সৌন্দৰ্যৰে ভৰা দেশ। মধ্য ইটালীৰ এডিয়াট্রিক সাগৰৰ ফালে মাউন্ট টিতান’ৰ কাষত অৱস্থিত ছান মানি’ৰ আয়তন হৈছে ৬১ বর্গ কিলোমিটাৰ। এইখন ক্ষুদ্র দেশত সম্প্রতি বসবাস কৰিছে মাত্র ৩৩,৭৪৫ জন লোকে। প্রতি বছৰে যথেষ্ট সংখ্যক বিদেশী পর্যটকে ছান মাৰিন’ ভ্ৰমণ কৰি আহিছে।

Exit mobile version