Aasu Educational Meeting:আছুৰ উদ্যোগত মহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত‘ছেবাক বচাওঁ আহক’ শীর্ষক সভা

অৰ্ধ শতাধিক শিক্ষাবিদৰ অংশগ্ৰহণ

WhatsApp Image 2023 03 20 at 17.14.01

Aasu Educational Meeting :

মেট্ৰিকৰ প্রশ্নকাকত খনেই সুৰক্ষা দিব নোৱাৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ নেতৃত্বৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ অব্যাহত থকাৰ মাজতে ৷

সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই ‘ছেবাক বচাওঁ আহক’ শীর্ষক এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়  মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৷

দুপৰীয়া বাৰ বজাৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক সভাত ৰাজ্যৰ প্ৰতিখন জিলাৰ দুজনকৈ শিক্ষাবিদে অংশগ্রহণ কৰে ৷

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সদৰী কৰি কয় যে ছেবাক দুর্নীতি, | কলংকৰ পৰা তথা ধ্বংসযজ্ঞৰ পৰা উদ্ধাৰ কৰিবলৈ এই সভা হৈছে।

উল্লেখ্য যে,প্ৰতিখন জিলাৰ দুজনকৈ শিক্ষাবিদে অংশগ্ৰহণ কৰি কেনেকৈ ছেবাক সংস্কাৰ কৰিব পাৰি, পৰৱৰ্তী দিনত কি পদক্ষেপ গ্ৰহণ কৰিলে ছেবাক ধ্বংস কৰিবলৈ কৰা পৰিকল্পিত ষড়যন্ত্ৰসমূহ উফৰাই পেলাব পাৰি তাৰ ওপৰত পৰামৰ্শ আগবঢ়াই ৷

সমান্তৰালভাৱে কি নতুন নতুন পৰিকল্পনাৰে আগবাঢ়ি গ’লে ছেবাৰ জৰিয়তে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ, শিক্ষাৰ্থীসকল সুৰক্ষিত হৈ থাকে এই সন্দৰ্ভত এক ৰূপৰেখা তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে শৈক্ষিক সভাই ৷

মনকৰিবলগীয়া যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই সভাত অংশগ্রহণ কৰি শিক্ষাবিদ সকলে আগবঢ়োৱা পৰামৰ্শৱলী সমূহ লিখিত ৰূপত প্ৰতিবেদন আকাৰত চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় বুলি সদৰি কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

Exit mobile version