OTT Platform : এইবাৰ OTT প্লেটফৰ্মত চেন্সৰ বোৰ্ড ? ‘ অশ্লীলতা নচলিব ‘, কঠোৰ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰীৰ

CS Indias top OTT platforms 800x420 1

OTT Platform :

“সৃষ্টিশীলতাৰ নামত অশ্লীলতাক নচলিব ।” অ’টিটি প্লেটফৰ্মৰ বিষয়বস্তু সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ। প্ৰয়োজন হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

অৱশ্যে এইবাৰ অ’টিটি প্লেটফৰ্মৰ বিষয়বস্তু কৰ্তন কৰিব নেকি চেঞ্চৰ বোৰ্ডে ? কৰ’না কালত দীৰ্ঘদিন ধৰি মানুহবোৰ কাৰ্যত গৃহবন্দী হৈ আছিল ।

ফলস্বৰূপে, বহুলোকে ঘৰত মনোৰঞ্জনৰ বাবে অ’টিটি প্লেটফৰ্ম বাছনি লৈছিল । বৰ্তমান, ভাৰতত ৪৩ মিলিয়ন লোকে অ’টিটি প্লেটফৰ্ম ব্যৱহাৰ কৰে।

দিনটোত এক নিৰ্দিষ্ট পৰিমাণৰ সময় তেওঁলোকে ইয়াত ব্যয় কৰে। ২০২৩ চনৰ শেষলৈ, সংখ্যাটো ৫/ মিলিয়ন অতিক্ৰম হোৱাৰ আশংকা আছে।

কিন্তু অ’টিটি প্লেটফৰ্মৰ এটা সমস্যা হ’ল বেছিভাগ বিষয়বস্তুয়েই আপত্তিজনক ভাষা ব্যৱহাৰ কৰে আৰু অশ্লীলতা প্ৰদৰ্শন কৰে। যিটো লৈ বহুবাৰ আপত্তি জনাইছে অ’টিটি প্লেটফৰ্মৰ দৰ্শকৰ এটা অংশই।

সেই বিষয়ে মুখ খুলিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ।তেওঁ কয়, “সৃজনশীলতাৰ নামত অশালীনতা কেতিয়াও গ্ৰহণ কৰা নহ’ব। চৰকাৰে অ’টিটি প্লেটফৰ্মৰ বিষয়ে সকলো অভিযোগ গুৰুত্বসহকাৰে লৈছে। তেনে ক্ষেত্ৰত যদি প্ৰয়োজন হয়, নিয়মবোৰো সলনি হ’ব পাৰে। “

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

অনুৰাগ ঠাকুৰে কয়, “সৃষ্টিশীলতাৰ বাবে স্বাধীনতা দিয়া হৈছে, অশালীনতাৰ বাবে নহয়। যদি কোনোবাই সীমা অতিক্ৰম কৰে, সৃষ্টিশীলতাৰ নামত ই কেতিয়াও গ্ৰহণযোগ্য নহ’ব। “

প্ৰসংগত , অ’টিটি প্লেটফৰ্মত চিনেমা , ৱেব ছিৰিজৰ বিষয়ে অভিযোগ এইয়ে প্ৰথম নহয় । পূৰ্বতেই, ঘটনাটো আদালতলৈ গৈছিল। আপত্তিজনক ভাষা আৰু অশালীনতা বন্ধ কৰিবলৈ কেন্দ্ৰক পদক্ষেপ দিছিল আদালতে।

Exit mobile version