Tiger Attack : এখন জিলাতে বাঘৰ আক্ৰমণত এবছৰত মৃত্যু ৫৩ জনলোক

WhatsApp Image 2023 03 20 at 19.44.05 1

Tiger Attack :

২০২২ চনত বাঘ আৰু চিতাবাঘৰ আক্ৰমণত মৃত্যুক সাৱতিলে ৫৩ জন লোকে ! এইয়া সমগ্ৰ দেশ বা কোনো ৰাজ্যৰ পৰিসংখ্যা নহয়, নিহতৰ এই সংখ্যা কেৱল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাতেই !

মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী সুধীৰ মুঙ্গন্তিৱাৰে সোমবাৰে ৰাজ্যখনৰ বিধানসভাত এক বিবৃতিত জনাইছে যে ৫৩ জনৰ ভিতৰত ৪৪ জন বাঘৰ আক্ৰমণৰ বলি হৈছিল।

বাকীসকলৰ চিতাবাঘৰ আক্ৰমণত মৃত্যু হৈছে । চন্দ্ৰপুৰৰ উপৰিও বিদৰ্ভ অঞ্চলৰ আন কেবাখনো জিলাতো বাঘ-চিতাবাঘৰ আক্ৰমণৰ ফলত মৃত্যু হোৱাৰ খবৰ জনাইছে মহাৰাষ্ট্ৰৰ বন মন্ত্ৰীগৰাকীয়ে । “যোৱা বছৰ বিদৰ্ভত বিভিন্ন কাৰণত মুঠ ১৪ টা বাঘৰ মৃত্যু হৈছিল। ”

প্ৰসংগত দীৰ্ঘদিন ধৰি চন্দ্ৰপুৰকে ধৰি বিদৰ্ভৰ অৰণ্যত বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

২০১৮ চনৰ নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাৰ পাছত ‘মানুষখেকো’ হিচাপে ঘোষণা কৰা বাঘিনী অৱনীক (কোড নাম টি-১) অঞ্চলটোৰ যৱতমালত গুলীয়াই হত্যা কৰা হৈছিল।

অৱনীৰ বিৰুদ্ধে পান্ধৰকাৱদা আৰু টিপেশ্বৰ অঞ্চলত দুবছৰত ১৩ জন লোকক “হত্যা” কৰাৰ অভিযোগ আছিল। তাক হত্যা কৰাৰ দাবী কৰিছিল স্থানীয় গাওঁবাসীৰ একাংশই।

Exit mobile version