Bharat Gaurav Tourist Train : আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ বাবে চলিব ভাৰত গৌৰৱ ট্ৰেইন

CB15 Train 2

Bharat Gaurav Tourist Train :

আজি ভাৰত  গৌৰৱ ট্ৰেইনৰ ‘ফ্লেগ অফ’ কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মিনাকাশী লেখিয়ে ।

এই বহু প্ৰতীক্ষিত ট্ৰেইন ভ্ৰমণ ডিলাক্স টুৰিষ্ট ট্ৰেইন নৰ্থ ইষ্ট চাৰ্কিটত ১৫ দিনীয়া ভ্ৰমণৰ বাবে আৰম্ভ হ’ব ।

এই বিশেষ ভ্ৰমণত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ক সামৰি ভাৰতৰ উত্তৰ-পূবলৈ ভ্ৰমণৰ সুযোগ প্ৰদান কৰা হৈছে ।

আধুনিকতম ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখনত এচি l আৰু এচি ll ক্লাছত মুঠ ১৫৬জন পৰ্যটকৰ ব্যৱস্থা আছে ।

এই ৰে’লখন গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জি লৈ চলিব ।

এই টুৰিষ্ট ট্ৰেইনত পৰ্যটকসকলে দিল্লী, গাজিয়াবাদ, আলিগড়, তুণ্ডলা, ইটাৱাহ, কাণপুৰ, লক্ষ্ণৌ আৰু বাৰাণসী ৰে’ল ষ্টেচনতো উঠা-নমা কৰিব পাৰিব।

গ্ৰাহকসকলক ইএমআই পেমেণ্ট অপচন দিবলৈ আইআৰচিটিচিয়ে পেটিএম আৰু ৰেজৰপে’ পৰিশোধ ব্যৱস্থাৰেও সংযুক্ত হৈছে।

Exit mobile version