Drugs Paddler Arrested In Baska:বাগ্‌সাৰ আনন্দ বজাৰত বহু পৰিমাণৰ ড্ৰাগ্‌ছসহ ধৃত দুই সৰহবৰাহকাৰী এজন পলাতক

WhatsApp Image 2023 03 21 at 19.28.13

Drugs Paddler Arrested In Baska :

বাকসাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ শালবাৰীৰ ভকুৱামাৰীত ৰাইজৰ সহযোগত আনন্দ বজাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুজনকৈ ড্ৰাগ্‌ছ সৰবৰাহকাৰী যুৱকক ৷

আটকাধীন ড্ৰাগ্‌ছ সৰবৰাহকাৰী যুৱক দুজন আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত খুশ্ৰাবাৰীৰ আবুল কাছেম আলী(২৬) আৰু ভকুৱামাৰীৰ নুৰ বস্ক আহমেদ (২৫)।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৪৭ টা হেৰইন ভৰ্তি কণ্টেইনাৰ, ১০০ টা খালি কণ্টেইনাৰ, ৯ পেকেট নিচাযুক্ত টেবলেট, AS 17 L 1218 আৰু AS 15 V2289 নম্বৰৰ দুখন বাইক আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে কালি নিশাৰ ভাগত ভকুৱামাৰীৰ সমীপৰ উত্তৰ মটঙাত ৰাইজে খেদি খেদি আটক কৰে দুই ড্ৰাগ্‌ছ সৰহবৰাহকাৰী তথা সেৱনকাৰী যুৱকক ৷

তাৰ পিছতেই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আনন্দ বজাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ৰাইজে কৰায়ত্ত কৰা যুৱক দুজনক চমজি লয় ৷

যুৱক দুজনৰ লগতে স্থানীয় ৰাইজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে বৃহত্তৰ অঞ্চলটোত ড্ৰাগ্‌ছৰ ৰমৰমীয়া বেহা গঢ়ি তোলা নবিবৰ ৰহমান নামৰ লোকজনৰ ঘৰত অভিযান চলায় যদিও অভিযান চলোৱাৰ পূৰ্বেই ঘৰৰ পৰা পলাই যায় নবিবৰ ৰহমান ৷

ৰাইজৰ অভিযোগ,পলাতক নবিবৰ ৰহমন ড্ৰাগ্‌ছৰ পাইকাৰী ব্যৱসায়ী আৰু ধৃত নুৰ বক্স আহমেদ এজন খুচুৰা ব্যৱসায়ী ৷

ৰাইজে বৃহত্তৰ অঞ্চলটোক ড্ৰাগ্‌ছমুক্ত হিচাপে গঢ়ি তুলিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিছে ৷ সম্প্ৰতি ধৃত দুয়োজন যুৱককে জেৰা অব্যাহত ৰাখিছে আনন্দ বজাৰ আৰক্ষীয়ে।

 

Exit mobile version