Heart Disease : ভাৰতত মহিলাৰ মাজত বাঢ়িছে হৃদৰোগ : কিন্তু কিয় ?

download 3 4

Heart Disease :

গুজৰাটৰ ভাবনগৰত যোৱা ২৪ ফেব্ৰুৱাৰীৰ হেটল ৰাথোৰৰ বিবাহৰ দিনাই হৃদৰোগত মৃত্যু হৈছিল। বিবাহ মণ্ডপতে হাৰ্ট এটেক হৈ মজিয়াত ঢলি পৰিছিল হেটল।

পাছত চিকিৎসালয়ত তেওঁক চিকিৎসকে মৃত ঘোষিত কৰিছিল। কিছুদিন পূর্বে বলিউড অভিনেত্রী সুস্মিতা সেনৰো হাৰ্ট এটেক হৈছিল। ৪৭ বছৰীয়া সুস্মিতাৰ সক্রিয় জীৱনশৈলীৰ পাছতো হৃদৰোগ হ’ল।

কিন্তু কিয় মহিলাৰ মাজত বৃদ্ধি পাইছে হৃদৰোগ? গৱেষকৰ অধ্যয়নৰ তথ্য অনুসৰি, পূৰ্বৰ
তুলনাত সম্প্রতি মহিলা হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল।

কেইবছৰমান পূবলৈকে ধাৰণা কৰা হৈছিল যে মহিলাৰ মাজত হৃদৰোগৰ প্ৰকোপ পুৰুষতকৈ কম। কিন্তু শেহতীয়া গৱেষণামূলক অধ্যয়নৰ তথ্য অনুসৰি মহিলাৰ মাজত হাৰ্ট এটেকৰ দৰে হৃদৰোগৰ প্রকোপ বাঢ়িছে।

বিশেষকৈ মেন’পজৰ সময়ৰ পৰা মহিলাৰ মাজত হৃদৰোগৰ শংকা বৃদ্ধি পায় আৰু ৬০ বছৰ বয়সৰ পাছত পুৰুষ-মহিলা উভয়ৰে হৃদৰোগৰ শংকা সমান হয়।

অধ্যয়নৰ তথ্য অনুসৰি ২০১৭ বৰ্ষত হৃদৰোগত ভাৰতত ৪১ লাখ লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে ১৮ লাখ মহিলা আৰু ২৩ লাখ পুৰুষ আছিল।

এই পৰিসংখ্যাৰ পৰাই বুজিব পাৰি যে মহিলা হৃদৰোগীৰ সংখ্যা দেশত কিমান দ্রুতগতিত বৃদ্ধি পাইছে। তথ্য অনুসৰি ভাৰতত সম্প্ৰতি পুৰুষতকৈ মহিলাৰ মাজত হৃদৰোগৰ প্ৰকোপ বাঢ়িছে।

কিন্তু কিয় মহিলাৰ মাজত হৃদৰোগ বৃদ্ধি পাইছে? গৱেষকৰ মতে, ভাৰতত মহিলাৰ মাজত।হৃদৰোগ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে শৰীৰৰ ওজন বৃদ্ধি, মেদবহুলতা, মধুমেহ ৰোগ,ধূমপানৰ বদভ্যাস আৰু মুখমণ্ডলৰ সংক্রমণ।

চিকিৎসকৰ তথ্য অনুসৰি, মহিলাৰ মাজত সৰ্বাধিক কৰ’নেৰি আৰ্টেৰি হৃদৰোগৰ প্রকোপ প্রত্যক্ষ হয়। অর্থাৎ হৃদপিণ্ডৰ পৰা শৰীৰৰ অন্যান্য অংগলৈ ৰক্তসঞ্চালন সঠিকভাৱে নোহোৱাত মহিলাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

Exit mobile version