Heartbreak Insurance Fund : হৃদয় ভঙাৰ বীমা : প্ৰেমিকাই প্ৰেম সম্পৰ্ক ভংগ কৰাত যুৱকে লাভ কৰিলে বীমাৰ ধন

FrasUf9XwAEUgKD

Heartbreak Insurance Fund :

প্ৰেম বিচ্ছেদৰ সমান ভয়াৱহ বেদনা এই পৃথিৱীত নাই। এই কথা একমাত্র ভালদৰে অনুভৱ কৰিব পাৰে প্ৰেমিক-প্রেমিকাই। কিন্তু আজি কালি প্রেম বিচ্ছেদৰ পাছতো বহু প্রেমিক-প্রেমিকাই আনন্দ- স্ফূৰ্তি কৰে।

আনকি ‘ব্রেক আপ পাৰ্টি’ৰো আয়োজন কৰে। প্রেমাস্পদৰে এটা সম্পৰ্কৰ অৱসান ঘটিলেও দুখ কৰি নাথাকি অনেকে এতিয়া নতুন সংগী বা সম্পৰ্কৰ সন্ধান কৰে।

https://twitter.com/Prateek_Aaryan/status/1636254607163949057?s=20

কিন্তু প্রেম বিচ্ছেদৰ বিনিময়ত ধন প্ৰাপ্তিৰ কথা কেতিয়াবা ক’ৰবাত শুনা পাইছে নে? হয়, অবিশ্বাস্য যেন লাগিলেও সত্য। প্রেম বিচ্ছেদৰ কাৰণতো আজি কালি লাভ কৰিব পাৰি ধন।

বাস্তৱত আমাৰ দেশৰে প্ৰতীক আৰিয়ান নামৰ এজন যুৱকে দাবী কৰা অনুসৰি, প্ৰেমিকাৰ স’তে সম্পর্ক ভংগ হোৱাৰ কাৰণত তেওঁ বীমাৰ জৰিয়তে ২৫ হেজাৰ টকা লাভ কৰিলে।

কিন্তু কেনেকৈ এয়া সম্ভৱ হ’ল? প্রতীকে এই সন্দৰ্ভত সবিশেষ টুইটাৰত সদৰী কৰিলে। দৰাচলতে প্রতীক আৰু তেওঁৰ প্ৰেমিকাই এটা বেংকত যৌথ একাউণ্ট এখন খুলিছিল।

উক্ত একাউণ্টত দুয়োজনে মাহে ৫০০ টকা জমা কৰাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি প্রতি মাহে তেওঁলোক দুয়োৱে এহেজাৰ টকা বেংক একাউণ্টত জমা ৰাখিছিল।

লগতে উভয়ৰ সন্মতিত এই কথাও নিৰ্ধাৰণ কৰা হৈছিল যে তেওঁলোকৰ এজনে আনজনক প্ৰতাৰণা কৰিলে অর্থাৎ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি আহিলে জমা ধন ৰাশি প্ৰেম প্ৰতাৰণা কৰা ব্যক্তিজনে দাবী কৰিব নোৱাৰিব ।

অর্থাৎ প্রেমিকাই প্ৰতাৰণা কৰিলে ধনখিনি প্রেমিকে লাভ কৰিব আৰু প্ৰেমিকে প্ৰতাৰণা কৰিলে ইমান একাউণ্টত যৌথভাৱে জমা ৰখা ধনখিনি প্রেমিকাই লাভ কৰিব।

এই একাউণ্টৰ নাম প্রতীক আৰু তেওঁৰ প্ৰেমিকাই ‘হার্টব্রেক ইন্সুৰেঞ্জ ফাণ্ড’ ৰাখিছিল। প্রতীকক হঠাতে প্রেমিকাই প্রেম বিচ্ছেদ দিয়াত এই ধন চৰ্ত অনুসৰি প্রতীকে লাভ কৰিলে।

টুইটাৰত এই কথা প্রকাশ কৰি প্রতীকে এইদৰে লিখিলে, ‘সম্প্রতি মই ২৫ হেজাৰ টকা লাভ কৰিলো। কাৰণ প্রেমিকাই মোক প্ৰতাৰণা কৰিলে । আমি ‘হার্টব্ৰেক ইন্সুৰেঞ্জ ফাণ্ডত মাহে ৫০০ টকাকৈ জমা কৰিছিলো।

চুক্তি অনুসৰি সেই ধন মই লাভ কৰিলো।’ প্ৰতীকৰ এই টুইট সম্প্ৰতি ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়েও নানা ৰসাল মন্তব্য কৰিছে।

এজন ব্যক্তিয়ে মন্তব্য কৰি এইদৰে টুইট কৰিলে, ‘বিনিয়োগৰ কথা ভাবিছিলো, হার্টব্রেক ফাণ্ডত দেখোন ভাল ৰিটাৰ্ণ লাভৰ সম্ভাৱনা আছে।’

অৱশ্যে একাংশ লোকে প্রেম বিচ্ছেদৰ কাৰণত প্ৰেমিকাৰ পৰা কৌশলৰে ধন আহৰণ কৰা বুলি মন্তব্য কৰি প্ৰতীকক সমালোচনাও কৰিছে। যিয়েই নহওক, বিদেশত এনেবোৰ ঘটনা আজৱ নহ’লেও ভাৰতত হয়তো প্রেম বিচ্ছেদত ধন লাভৰ এইটোৱে প্রথম ঘটনা সংঘটিত হ’ল।

Exit mobile version