Atul Bora : পাঁচ শতাধিক পশুপালকৰ অংশগ্ৰহণেৰে মালয়বাৰীত পশুপালক সজাগতা শিবিৰ

WhatsApp Image 2023 03 22 at 20.26.21

Atul Bora :

অসমৰ পশুপালন খণ্ডৰ উত্তৰণৰ হকে বিজ্ঞানসন্মত পশুপালনক অধিক জনমুখী কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ মালয়বাৰীৰ মালৈক্ষেত্ৰত ৰাষ্ট্ৰীয় পশুধন অভিযান,
অসমৰ সৌজন্যত তথা অসম পশুধন উন্নয়ন অভিকৰণৰ উদ্যোগত এখনি পশুপালক সজাগতা শিবিৰ অনুষ্ঠিত হয়।

কামৰূপ মহানগৰ, মৰিগাঁও আৰু নগাঁও জিলাৰ পাঁচ শতাধিক পশুপালকে অংশগ্ৰহণ কৰা এই শিবিৰত উপস্থিত থাকি পশুপালন মন্ত্রী অতুল বৰাই কয় যে পশুপালনৰ জৰিয়তে সফলতা লাভ কৰিবলৈ হ’লে পশুপালক সকলে বিজ্ঞানসন্মত পশুপালনৰ যাৱতীয় প্রশিক্ষণ গ্ৰহণ কৰাটো অপৰিহাৰ্য।

কিয়নো প্রশিক্ষণ অবিহনে সঠিক ৰূপত বিজ্ঞানসম্মত পশুপালন কৰি আশাব্যঞ্জক উৎপাদন লাভ কৰা সম্ভৱ
নহয়। তাৰবাবে তেওঁ সাধাৰণ জনতাক পশুপালনৰ প্ৰতি সজাগ আৰু আগ্ৰহী কৰি তোলাৰ বাবে প্ৰচাৰ
আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰে।

লগতে মন্ত্ৰী বৰাই উল্লেখ কৰে যে পশুচিকিৎসা খণ্ডত অধিক কর্ম দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে অলপতে ১৬১ গৰাকী নতুনকৈ পশুচিকিৎসক নিযুক্তি দিছে আৰু পৰ্যায়ক্রমে ক্ষেত্র সহায়ক সকলৰ প্ৰশিক্ষণ তথা নিযুক্তি প্রক্রিয়া চলি আছে।

উক্ত শিবিৰৰ লগত সংগতি ৰাখি দুগ্ধ পাম আৰু কৃত্রিম প্রজনন বিষয়ক এখনি কাৰিকৰী সত্ৰ অনুষ্ঠিত কৰা হয়। সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম পশুধন উন্নয়ন অভিকৰণৰ প্ৰবন্ধক ডাঃ মনোজ কুমাৰ গোস্বামী, বিভাগৰ সহকাৰী গৱেষণা বিষয়া ডাঃ উপেন কাকতি আৰু ৰাষ্ট্ৰীয় পশুধন অভিযান, অসমৰ সমন্বয়ক ডাঃ ছাৰহানা তৌফিক।

ইয়াৰ উপৰিও অনুষ্ঠানত এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু ইয়াত থলুৱা তথা বর্ণ সংকৰ জাতৰ
বিভিন্ন গাহৰি, ছাগলী, গৰু আদি প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত মালয়বাৰী গাঁও পঞ্চায়তৰ সভাপতি পবিত্র কুমাৰ দাস, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি ৰঞ্জিত শৰ্মা আৰু ৰাষ্ট্ৰীয় পশুধন অভিযান,অসমৰ ন’ডেল বিষয়া ডাঃ বাজৰউল ইছলামৰ লগতে বিভাগৰ ভালেমান বিষয়া উপস্থিত থাকে।

অনুষ্ঠানটিৰ আঁত ধৰে ৰাষ্ট্ৰীয় পশুধন অভিযান, অসমৰ সমন্বয়ক ডাঃ অৱণী কুমাৰ চৌধুৰীয়ে।

Exit mobile version