Bageshwar Baba Entry In Guwahati :অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্রী

পুৱা মিনিষ্টাৰ কলনিত সাক্ষাৎ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক

666aa626 0fa3 4879 bb9d fc77ae177c25

Bageshwar Baba Entry In Guwahati :

অসমলৈ আহিছে মধ্য প্ৰদেশৰ বহু চৰ্চিত বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্রী ৷ বুধবাৰে বিশেষ চাৰ্টাড বিমানেৰে গুৱাহাটী এয়াৰপৰ্টত অৱতৰণ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে আচাৰ্য গৰাকী উপস্থিত হয় দিছপুৰস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ৷

মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক আৰ্শীৰ্বাদ দিয়াৰ লগতে বাগেশ্বৰ বাবাই বাৰ্তালাপো কৰে ৷

মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলোৱা পাছতে সাংবাদিকক বাগেশ্বৰ বাবা খ্যাত আচাৰ্য ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী উল্লেখ কৰে যে,হিমন্ত বিশ্ব শৰ্মা ‘হিন্দু শ্বেৰ’ ৷ ‘অসমবাসী ধন্য, তেওঁলোকে কামাখ্যা মাৰ ছত্ৰছায়াত থাকে ।’

ইয়াৰ পাছতে আৰ্চায গৰাকী ৰাওনা হয় নীলাচল পাহাৰলৈ । শক্তিপীঠ কামাখ্যা দৰ্শন কৰি পূজা-অৰ্চনা কৰে পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে।

আনহাতে মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ ভক্ত তথা অনুৰাগীসকলে তেওঁক কাষত পাই উৎফুল্লিত হৈ পৰা দেখা যায়।বাগেশ্বৰ বাবা কি জয় ধ্বনিৰে বাবা গৰাকীক আদৰণি জনায় ভক্ত সকলে ৷

বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্রী হৈছে মধ্য প্ৰদেশৰ ছত্ৰপুৰ জিলাৰ গড়া গাঁৱৰ এক বিখ্যাত ধৰ্মীয় তীৰ্থস্থান বাগেশ্বৰ ধাম সৰকাৰৰ আচাৰ্য । আচাৰ্য গৰাকী দুদিন ধৰি অসমত থাকি শুক্ৰবাৰে উভতি যোৱাৰ কথা।

Exit mobile version