Burning Bus:ৰাজপথত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ

কথমপি ৰক্ষা পৰিল ৩০ গৰাকীকৈ যাত্ৰী

WhatsApp Image 2023 03 22 at 17.31.25 1

Burning Bus:

সদাব্যস্ত ৰাজ পথত হঠাতে দাও দাওকৈ জ্বলি উঠিলল এখন যাত্ৰীবাহী বাছ ৷ দৈব্যক্ৰমে ৰক্ষা পৰে যাত্ৰীসকল ৷
এই ভয়ংকৰ ঘটনা সংঘটিত হয় নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভূঞাৰকুছিত।

বুধবাৰে গুৱাহাটীৰ খানাপাৰাৰ পৰা বৰপেটা অভিমুখে গৈ থকা এ এছ ২৮-চি ৩৮৬৭ নম্বৰৰ ‘গণপতি’ নামৰ বাছখনত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

ভূঞাৰকুছিত বাছ খন ৰোৱাৰ পিছত দপদপকৈ জ্বলি উঠে বাছ খনে ৷ পলকতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছ খন ৷

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে ঘটনাস্থলীত অগ্ননিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও ইতিমধ্যেই বাছ খন ভস্মীভূত হয় ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে,শ্বৰ্ট চাকিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হৈছে ৷ আনহাতে বাছ খন গৈ থকা পথত ৰঙিয়াতে যান্ত্ৰিক বিজুতি ঘটিছিল ৷

উল্লেখ্য যে,অগ্নিকাণ্ডৰ ফলত যাত্ৰী সকল কথমপি ৰক্ষা পৰে যদিও তেওঁলোকৰ বয়বস্তু  জুইত জাহ যায় ৷

Exit mobile version